ETV Bharat / bharat

উৰিষ্যাৰ ৰোৰকিলাৰ ষ্টিল ৰাসায়নিক ইউনিটত বিষাক্ত গেছ নিৰ্গত হৈ চাৰিজনৰ মৃত্যু

author img

By

Published : Jan 15, 2021, 10:32 AM IST

চৰকাৰী এক বিবৃতি অনুসৰি মৃত্যু হোৱা কৰ্মচাৰী কেইজনৰ আত্মীয়ক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে প্ৰতিজন মৃতকৰ পৰিয়ালৰ এজনকৈ সদস্যক চাকৰি প্ৰদান কৰিছে ৷

উৰিষ্যাৰ ৰৌৰক’লা ষ্টিল ৰাসায়নিক ইউনিটত বিষাক্ত গেছ নিৰ্গত হৈ চাৰিজনৰ মৃত্যু

নিউজ ডেস্ক,15জানুৱাৰীঃ উৰিষ্যাৰ ৰোৰকিলাত এটা ষ্টিল ৰাসায়নিক ইউনিটত বিষাক্ত গেছ নিৰ্গত হৈ বৰ্তমান পৰ্যন্ত চাৰিজন ঠিকা ভিত্তিত কাম কৰা কৰ্মী মৃত্যু মুখত পৰিছে ৷ প্ৰাথমিক অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে, গেছ পাইপলাইনৰ ভিতৰত বিষাক্ত গেছ জমা হৈ থকাত তাৰ সংস্পৰ্শলৈ অহাৰ ফলতে ব্যক্তি কেইজনৰ মৃত্যু হৈছে ৷ চৰকাৰী এক বিবৃতি অনুসৰি মৃত্যু হোৱা কৰ্মচাৰী কেইজনৰ আত্মীয়ক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে প্ৰতিজন মৃতকৰ পৰিয়ালৰ এজনকৈ সদস্যক চাকৰিৰ আশ্বাস প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, শ্ৰমিক সকলক মাস্ক আৰু কাৰ্বন মনোঅক্সাইড গেছ নিৰীক্ষণৰ মিটাৰ প্ৰদান কৰা হৈছিল যদিও তেওঁ লোকে ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে সেই সময়ত কাম পৰিদৰ্শনৰ বাবে থকা ঠিকাদাৰ জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বিত কৰি ৰাখিছে ৷ লগতে প্ৰতিবেদন খনত কোৱা হৈছে যে, মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰা হৈছে ৷ তাৰোপৰি প্ৰতিটো পৰিয়ালে EPF, ESIৰ আদিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব বুলি জানিব পাৰ গৈছে ৷ সমগ্ৰ ঘটনাৰ ফলত 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে 6 জনকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়কঃ কৃষি আইন বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছৰ ৰাজ ভৱন ঘেৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.