ETV Bharat / bharat

চতুৰ্থ পৰ্যায়ত ভয়ংকৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী - উত্তৰ বংগৰ কুচবিহাৰ জিলা

উত্তৰ বংগৰ কোচবিহাৰৰ মাথাবাহংগাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, উক্ত অঞ্চলৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত কুৰিৰো অধিক লোক আহত আৰু নিহত হয় ৷

চতুৰ্থ পৰ্যায়ত ভংয়কৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী

author img

By

Published : Apr 10, 2021, 12:32 PM IST

Updated : Apr 10, 2021, 2:28 PM IST

নেশ্যনেল ডেস্ক,10 এপ্ৰিল: পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে উত্তৰ বংগত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ উত্তৰ বংগৰ কোচবিহাৰৰ মাথাবাহংগাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷

জানিব পৰা মতে, উক্ত অঞ্চলৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত কুৰিৰো অধিক লোক আহত আৰু নিহত হয় ৷ বৰ্তমান আহত লোকসকলক কোচবিহাৰৰ মাথাবাহংগা হাস্পতাললৈ অনা হৈছে ৷ তদুপৰি এই গুলীচালনাত চাৰিজনকৈ লোকৰ মৃত্যু হৈছে ৷

চতুৰ্থ পৰ্যায়ত ভয়ংকৰ ৰাজনৈতিক হিংসাৰ বলি উত্তৰ বংগবাসী

নিহত লোককেইজন ক্ৰমে হামিদুল হক, মণিৰুল হক, চামিউল মিয়া, আমজাদ হুছেইন ৷ এই লোক কেইজন তৃণমূল কংগ্ৰছৰ সমৰ্থক বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনাটোত নিহত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি তাৎক্ষণিকভাৱে জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে, পশ্চিমবংগৰ 294 টা বিধানসভা সমষ্টিৰ 8 টা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ইতিমধ্যে প্ৰথম তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে আৰু চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে ৷

যোৱা তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত দুই-এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও শান্তিপূৰ্ণ নিৰ্বাচনী পৰিৱেশ বৰ্তি আছিল ৷ কিন্তু শনিবাৰৰ দিনটোত পশ্চিমবংগৰ উত্তৰ অঞ্চলত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাই সকলোৰে মাজত আতংকৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক উদ্দেশ্যি মমতাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰীৰ

Last Updated : Apr 10, 2021, 2:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.