নেশ্যনেল ডেস্ক,6 ডিচেম্বৰঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ জিলাত নিৰীক্ষণ চকীত কৰ্মৰত আৰক্ষীক উদ্দেশ্যি দেওবাৰে সন্ত্ৰাসবাদীৰ গুলিচালনা ৷ এই গুলিচালনাত এজন আৰক্ষীৰ লোকৰ লগতে এজন স্থানীয় ব্যক্তি গুৰুতৰভাৱে আহত হয় ৷
আৰক্ষীয়ে জনায় যে, পুৰণি শ্ৰীনগৰ চহৰত ছাজগাৰীপোৰা অঞ্চলত ‘নাকা’ পাৰ্টীক উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে গুলিচালনা কৰে ৷ এই গুলিচলনাত ফাৰুক আহমেদ নামৰ এজন আৰক্ষী কনিষ্টবল আৰু এজন স্থানীয় লোক গুৰুতৰভাৱে আহত হয় ৷
দুয়োকে ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় য’ত চিকিৎসকলে দুয়োৰে অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে সুৰক্ষা বাহিনীয়ে অঞ্চলজুৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক-প্ৰধানমন্ত্ৰীৰে আলোচনাৰ অন্তত কৃষি আইন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত