ETV Bharat / bharat

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ, ৩ বিদ্ৰোহী আহত

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 6:24 PM IST

Encounter in Chhattisgarh: মাওবাদীয়ে ভাৰত বন্ধ আহ্বান জনোৱাৰ এদিন পাছতে ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ অভিযান । নিৰাপত্তাৰক্ষীৰ গুলীত ৩ মাওবাদী আহত । অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

Encounter in Chhattisgarh
ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ, ৩ বিদ্ৰোহী আহত

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে শনিবাৰে সুকমাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱাৰ খবৰ পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে মাওবাদী অধ্যুষিত সুকমাৰ গোগুণ্ডা অঞ্চলত এই সংঘৰ্ষ হয় । আৰক্ষীয়ে জনোৱা মতে এই সংঘৰ্ষত ৩ টা মাওবাদী আহত হৈছে । অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ।

সুকমাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে সুকমা ডিআৰজি, দান্তেৱাড়া ডিআৰজি, চিআৰপিএফ দ্বিতীয় বেটেলিয়ন আৰু চিআৰপিএফ ১১১ বেটেলিয়নৰ এক যুটীয়া দলে গোগুণ্ডা অঞ্চলত অভিযান চলাই আছিল । সেই সময়তে অৰণ্যত লুকাই থকা মাওবাদীয়ে দলটোক আক্ৰমণ কৰে । আনহাতে ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে । নিৰাপত্তা বাহিনীৰ গুলীত ৩ মাওবাদী আহত হয় । ইয়াৰ পাছতে মাওবাদীকেইটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে । জানিব পৰা মতে আঘাতপ্ৰাপ্ত মাওবাদীসকলক আটক কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে অৰণ্যত কটকটীয়া তালাচী চলাই আছে ।

উল্লেখ্য যে এদিন পূৰ্বে মাওবাদীয়ে ভাৰত বন্ধৰ ঘোষণা কৰিছিল । সেই সময়ছোৱাত মাওবাদীয়ে বস্তাৰ বিভাগৰ একাংশ জিলাত তেওঁলোকৰ উপস্থিতি দেখুৱাবলৈ বিভিন্ন ঘটনা সংঘটিত কৰিছিল । মাওবাদীয়ে নাৰায়ণপুৰ অৰ্ছা পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰিছিল । বিজাপুৰৰ বাচাগুড়া অঞ্চলৰো এটা পথ অৱৰোধ কৰিছিল । মাওবাদীয়ে সুকমা জিলাৰ চিন্তলনাৰৰ পৰা কিষ্টাৰামলৈ যোৱা পথটোও বন্ধ কৰি দিছিল । ইয়াৰ পূৰ্বে, মাওবাদীয়ে বিজাপুৰ জিলাত দুখন যাত্ৰীবাহী বাছ জ্বলাই দিছিল । ইয়াৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়েও অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ; বাংকাৰ ধ্বংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.