ETV Bharat / bharat

পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমা বিস্ফোৰণত এজন যুৱকৰ মৃত্যু - বোমা বিস্ফোৰণ

ৰাজস্থানৰ পোখৰাণ ফায়াৰিং ৰেঞ্জত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱালে এজন যুৱকে । বৃহস্পতিবাৰে নিশা এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় । নিহত যুৱকজনৰ নাম ৰবীন্দ্ৰ জাট ।

Pokaran firing range tragic incident
পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমা বিস্ফোৰণ
author img

By

Published : Apr 30, 2021, 9:17 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: বৃহস্পতিবাৰে নিশা সংঘটিত এক অঘটনে শোকৰ ছাঁ পেলাইছে ৰাজস্থানৰ পোখৰাণ ফায়াৰিং ৰেঞ্জত । নিশা পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমা বিস্ফোৰণত মৃত্যু হয় এজন যুৱকৰ । জানিব পৰা মতে, ৰবীন্দ্ৰ জাট নামৰ ২৩ বছৰীয়া যুৱকজনে পোখৰাণ ফায়াৰিং ৰেঞ্জত শ্ৰমিক হিচাপে কাম কৰিছিল ।

উক্ত নিশা পোখৰাণ ফায়াৰিং ৰেঞ্জত বোমাৰ স্ক্ৰেপ হাতত তুলি লোৱাৰ পিছতে সক্ৰিয় হৈ থকা এটা বোমা বিস্ফোৰিত হয় । ফলত থিতাতে যুৱকজনৰ মৃত্যু হয় । বিস্ফোৰণৰ পিছত লোকজনৰ শৰীৰটো বিকৃত হৈ পৰা দেখা গৈছিল । মৃত যুৱকজন ধন্দহালা আৰক্ষী থানাৰ অন্তৰ্গত গংগানগৰৰ বাসিন্দা হংসাৰাম জাটৰ পুত্ৰ ।

ৰবীন্দ্ৰক এজন ব্যক্তিগত ঠিকাদাৰে স্ক্ৰেপ তোলাৰ কামত নিযুক্ত কৰিছিল । বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পিছত মৃতদেহটো আৰক্ষীয়ে পৰিয়ালক গটাই দিয়ে ।

পেখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জ হৈছে গোটেই বছৰ ধৰি সেনাই সামৰিক অনুশীলন চলোৱা এক স্থান । অনুশীলন শেষ হোৱাৰ পিছত স্ক্ৰেপ আদি সামগ্ৰী সংগ্ৰহৰ কাম কৰাৰ বাবে চুক্তি অনুসৰি ঠিকাদাৰক দায়িত্ব দিয়া হয় । কেতিয়াবা অনুশীলনৰ সময়ত এনেদৰে বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হয় পেখৰাণ ফায়াৰিং ৰেঞ্জত ।

লগতে পঢ়ক:টীকাকৰণ অভিযান সুচাৰুৰূপে চলোৱাৰ প্ৰয়াস দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.