ETV Bharat / bharat

আজি গুৰু টেগ বাহাদুৰৰ জন্মবাৰ্ষিকী উপলক্ষে বৈঠক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

নৱম শিখ গুৰু টেগ বাহাদুৰৰ 400 তম জন্ম বাৰ্ষিকী (প্ৰকাশ পূৰব) উপলক্ষে ভিডিঅ’ কনফাৰেন্সযোগে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

author img

By

Published : Apr 8, 2021, 9:52 AM IST

PM Modi meeting
প্ৰধানমন্ত্ৰীৰ বৈঠক

নেশ্যনেল ডেস্ক,8 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱম শিখ গুৰু টেগ বাহাদুৰৰ 400 তম জন্ম বাৰ্ষিকী (প্ৰকাশ পূৰৱ) উদযাপনৰ অৰ্থে এখন উচ্চস্তৰীয় বৈঠক সম্বোধন কৰিব ৷ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হ’ব এই বৈঠক ৷

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ লগতে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি, গুৰু টেগ বাহাদুৰৰ জন্ম জয়ন্তী উপলক্ষে পৰিকল্পনা কৰা আগন্তুক অনুষ্ঠানসমূহৰ বছৰ জোৰা দিনলিপি সম্পৰ্কে বৈঠকত আলোচনা কৰা হ’ব ।

2020 চনৰ 24 অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে গুৰু টেগ বাহাদুৰৰ 400 তম জন্ম জয়ন্তী উদযাপনৰ সৈতে সম্পৰ্কিত নীতি, পৰিকল্পনা আৰু কাৰ্যসূচীৰ অনুমোদনৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছিল আৰু অনুষ্ঠানসমূহৰ পৰিচালনা সম্পৰ্কে আলোচনা কৰিছিল । প্ৰধানমন্ত্ৰীক সমিতিখনৰ অধ্যক্ষ হিচাপে বিবেচিত কৰাৰ লগতে মুঠ 70 গৰাকী সদস্য অন্তৰ্ভুক্ত কৰা হৈছে এই সমিতিখনত ৷

লগতে পঢ়ক : দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.