ETV Bharat / bharat

ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী - টাউতে ঘূৰ্ণী বতাহ বাতৰি

টাউতে ঘূৰ্ণী বতাহে গুজৰাটৰ বিভিন্ন অংশত ধ্বংসলীলা চলোৱাৰ লগতে প্ৰায় ১৩ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ ঘূৰ্ণীবতাহৰ ফলত ১৬,০০০ তকৈও অধিক ঘৰ ভাঙি ছিঙি ক্ষতিগ্ৰস্ত হয় । ৪০,০০০ ৰো অধিক গছ আৰু ৭০,০০০ তকৈও অধিক বৈদ্যুতিক খুঁটা উভালি পৰে । আনহাতে ৫,৯৫১ খন গাওঁ সম্পূৰ্ণৰূপে অন্ধকাৰত

pm modi
ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী
author img

By

Published : May 19, 2021, 3:17 PM IST

নেশ্যনেল ডেস্ক, ১৯ মে': টাউতে ঘূৰ্ণী বতাহে গুজৰাটৰ বিভিন্ন অংশত ধ্বংসলীলা চলোৱাৰ লগতে প্ৰায় ১৩ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পীড়িত অঞ্চল পৰিদৰ্শন কৰে । ৰাজ্যখনৰ ভাৱনগৰত টাউতে ঘূৰ্ণী বতাহে বিধ্বস্ত কৰা ঠাইসমূহ পৰিদৰ্শন কৰি মোডীয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে ।

বুধবাৰে পুৱাই মোডীয়ে দিল্লীৰ পৰা ভাৱনগৰত বিমানযোগে ৰাওনা হয় । বৈদ্যুতিক খুঁটা আৰু গছ-গছনি উভালি পেলোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত টাউতেৰ প্ৰভাৱে ঘৰ-দুৱাৰ আৰু বাট-পথ ধ্বংস কৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ বহুকেইটা অংশত ধাৰাসাৰ বৃষ্টিপাত হয় ৷ প্ৰায় ৯৬ টা তালুকত চাৰি মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে ছয়টা তালুকত ৮-৯ মিলিমিটাৰৰ বৰষুণ হৈছিল ৷

উল্লেখ্য যে, দক্ষিণ গুজৰাটৰ ওমৰগ্ৰামত ১৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল আৰু এই পৰিমাণ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক আছিল ৷ জানিব পৰা মতে, বতাহৰ প্ৰভাৱত প্ৰায় ৫৯,৪২৯ টা বৈদ্যুতিক খুঁটা উভালি পৰিছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) জানিবলৈ দিয়া মতে, সোমবাৰে নিশা দিউ আৰু উনাৰ মাজৰ সৌৰাষ্ট্ৰ অঞ্চলৰ গুজৰাট উপকূলত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা টাউতেৰ ফলত হোৱা ভূমিস্খলন প্ৰায় মাজনিশা সমাপ্ত হয় ৷

ঘূৰ্ণীবতাহৰ ফলত ১৬,০০০ তকৈও অধিক ঘৰ ভাঙি ছিঙি ক্ষতিগ্ৰস্ত হয় । ৪০,০০০ ৰো অধিক গছ আৰু ৭০,০০০ তকৈও অধিক বৈদ্যুতিক খুঁটা উভালি পৰে । আনহাতে ৫,৯৫১ খন গাওঁ সম্পূৰ্ণৰূপে অন্ধকাৰত বুলি মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.