ETV Bharat / bharat

Sengol in new Parliament building: নতুন সংসদ ভৱনত স্থাপন ছেংগোল - New parliament building inauguration by PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন সংসদ ভৱন ৷ স্থাপন কৰা হ’ল ছেংগোল ৷ কেইবাটাও বিৰোধী দলে বৰ্জন কৰিলে এই অনুষ্ঠান (Sengol in new Parliament building) ৷

PM Modi installs Sengol in new Parliament building
Sengol in new Parliament building
author img

By

Published : May 28, 2023, 10:57 AM IST

Updated : May 28, 2023, 2:32 PM IST

নিউজ ডেস্ক, 28 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নতুন সংসদ ভৱনত ‘ছেংগোল’ স্থাপন কৰে । এই অনুষ্ঠানত প্ৰায় 60 জন ধৰ্মীয় মুৰব্বীও উপস্থিত থাকে, যিসকলকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । নতুন ভৱনৰ বাহিৰত সংসদ চৌহদত পুৱা প্ৰায় ৭ বজাত এখন যজ্ঞ অনুষ্ঠিত হয় ৷ য’ত শৈৱীৰ মহাপুৰোহিতসকলে প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে ৰাজদণ্ড ‘ছেংগোল’ গতাই দিয়ে । সংসদ ভৱনত দুখন চুটি ছবি প্ৰদৰ্শিত হ’ব, তাৰ পিচতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰিব (PM Modi installs Sengol in new Parliament building) ।

  • #WATCH | PM Modi bows as a mark of respect before the 'Sengol' during the ceremony to mark the beginning of the inauguration of the new Parliament building pic.twitter.com/7DDCvx22Km

    — ANI (@ANI) May 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছেংগোল স্থাপন কৰা হৈছে নতুন সংসদ ভৱনটোৰ অধ্যক্ষৰ আসনৰ সমীপত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেংগোল হাতত তুলি লোৱাৰ পূৰ্বে দণ্ডৱতে পৰি সেৱা কৰে ৷ ইয়াৰ পূৰ্বে যজ্ঞত অংশ লয় প্ৰধানমন্ত্ৰীয়ে ৷ ছেংগোল হাতত লৈ সংসদ ভৱনলৈ পদব্ৰজে যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে পুৰোহিতসকলৰ লগতে বিধানসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে (Sengol installation in new Parliament building) ৷

1927 চনত নিৰ্মিত বৰ্তমানৰ সংসদ ভৱনটোতকৈও বৃহৎ পৰিসৰত নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হৈছে । উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাৰ্পেট, ত্ৰিপুৰাৰ বাঁহৰ মজিয়া আৰু ৰাজস্থানৰ শিলেৰে খোদিত কৰা নতুন সংসদ ভৱনটোৱে "ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক প্ৰতিফলিত কৰে"(New Parliament building)।

অভ্যন্তৰীণ অংশত তিনিটা জাতীয় প্ৰতীক- পদুম, ময়ুৰ আৰু আঁহত গছ ইয়াৰ বিষয়বস্তু হিচাপে আছে । ত্ৰিকোণীয় আকৃতিৰ চাৰি মহলীয়া সংসদ ভৱনটোৰ নিৰ্মাণ এলেকা 64,500 বৰ্গমিটাৰ । অট্টালিকাটোৰ তিনিটা মূল দুৱাৰ আছে- জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ (New parliament building inauguration) ।

টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰা নতুন সংসদ ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এটা গ্ৰেণ্ড কনষ্টিটিউচন হল, সাংসদসকলৰ বাবে এটা লাউঞ্জ, এটা পুথিভঁৰাল, একাধিক কমিটী কক্ষ, ভোজনালয় আৰু সুবিধাজনক পাৰ্কিঙৰ স্থান আছে (New parliament building inauguration by PM) ।

নৱনির্মিত সংসদ ভৱনটো গুণগত মানৰ নির্মাণেৰে অভিলেখ সময়ত নির্মাণ কৰা হৈছে ৷ এতিয়া ভাৰতৰ গৌৰৱময় গণতান্ত্ৰিক পৰম্পৰা আৰু সাংবিধানিক মূল্যবোধক অধিক সমৃদ্ধ কৰাৰ কাম কৰিব পৰা সংসদৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনটোও অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছে যিয়ে সদস্যসকলক তেওঁলোকৰ কাম-কাজ উন্নত পদ্ধতিৰে সম্পন্ন কৰাত সহায় কৰিব ।

লগতে পঢ়ক: New parliament building inauguration: নতুন সংসদ ভৱন উদ্ধোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Last Updated : May 28, 2023, 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.