ETV Bharat / bharat

New parliament building inauguration: নতুন সংসদ ভৱন উদ্ধোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

author img

By

Published : May 28, 2023, 9:18 AM IST

Updated : May 28, 2023, 10:36 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক উৎসৰ্গা কৰে নতুন সংসদ ভৱন । বৈদিক ৰীতি-নীতি আৰু সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰে উদ্বোধন কৰা হৈছিল নতুন সংসদ ভৱনটো (PM Modi inaugurates new Parliament building )। ৬০ জন ধৰ্মীয় গুৰুৰ উপস্থিতিত অধ্যক্ষৰ আসনৰ কাষত স্থাপন ৰাজদণ্ড ছেংগোল ।

New parliament building inauguration
নতুন সংসদ ভৱন উদ্ধোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ২৮ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা নতুন সংসদ ভৱনটো উদ্বোধন কৰে (PM Modi inaugurates new Parliament building) । পৰম্পৰাগত পোছাক পৰিধান কৰি প্ৰধানমন্ত্ৰী নতুন সংসদ ভৱনৰ ১ নং গেটৰ পৰা সংসদ চৌহদলৈ সোমাই যায় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁক আদৰণি জনায় । তেওঁ প্ৰথমে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

পুৱা প্ৰায় ৭ বজাত নতুন ভৱনৰ বাহিৰত সংসদ চৌহদত যজ্ঞ অনুষ্ঠিত হয় য'ত ৰাজদণ্ড 'ছেংগোল'ক শৈৱী আদেশৰ মহাপুৰোহিতসকলে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোডীক হস্তান্তৰ কৰে । ইয়াৰ পাচত প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনত অধ্যক্ষৰ আসনৰ ওচৰত স্থাপন কৰে ৰাজদণ্ড ছেংগোল । প্ৰধানমন্ত্ৰী মোডীয়ে ‘ছেংগোল' স্থাপন কৰা সময়ত নতুন সংসদ ভৱন উদ্ধোধন অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা প্ৰায় ৬০ জন ধৰ্মীয় গুৰুৰ উপস্থিত আছিল ।

নতুন সংসদ ভৱনটো নিৰ্মাণৰ প্ৰক্ৰিয়া আৰু ইয়াৰ তাৎপৰ্যৰ ওপৰত নিৰ্মিত দুখন চুটি ছবিও প্ৰদৰ্শন কৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰিব । দুপৰীয়া ১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ভৱন উদ্বোধনৰ স্মৃতিত ৭৫ টকীয়া বিশেষ মুদ্ৰা আৰু ডাকটিকট মুকলি কৰিব (Special coin release for new parliament building) । ইয়াৰ পাচত ১.১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব ।

উল্লেখ্য যে, ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন দিল্লীত এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছিল । এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত আছিল। ত্ৰিকোণীয়া আকৃতিৰ চাৰি মহলীয়া সংসদ ভৱনটো ৬৪,৫০০ বৰ্গমিটাৰ সামৰি নিৰ্মাণ কৰা হৈছে । অট্টালিকাটোৰ তিনিখন মূল গেট আছে ৷ জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ । উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাৰ্পেট, ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাঁহৰ কাৰ্পেট আৰু ৰাজস্থানৰ শিলৰ কাৰুকাৰ্যৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা অনা বস্তুৰে নিৰ্মিত নতুন সংসদ ভৱনত ভাৰতৰ বৈচিত্ৰ্য প্ৰতিফলিত হৈছে ।

লগতে পঢ়ক: Old Parliament House: বহু ঘটনাৰ স্মৃতি বুকুত সাৱটি অতীত হৈ ৰ’ব পুৰণি সংসদভৱন

Last Updated : May 28, 2023, 10:36 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.