ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথম 5G টেষ্টবেড

author img

By

Published : May 17, 2022, 3:24 PM IST

প্ৰযুক্তিৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰত । ভাৰতত মুকলি দেশৰ প্ৰথমখন 5G টেষ্টবেড (First 5G testbed launched in India)। ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (TRAI) ৰূপালী জয়ন্তীত ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এই 5G টেষ্টবেড । এতিয়াৰে পৰা দেশৰ ষ্টাৰ্টআপ আৰু অন্যান্য উদ্যোগসমূহে 5G নেটৱৰ্ক স্থাপনৰ বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিবলৈ বিদেশলৈ যাব নালাগে ।

5G testbed
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথম 5G টেষ্টবেড

নেশ্যনেল ডেস্ক,১৭ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন 5G টেষ্টবেড (PM Modi inaugurates 5G testbed)। ইয়াৰ দ্বাৰা ষ্টাৰ্টআপ আৰু উদ্যোগপতিসকলে তেওঁলোকৰ সামগ্ৰীসমূহ স্থানীয়ভাৱে পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিব পাৰিব । লগতে ইয়াৰ দ্বাৰা বিদেশী সুবিধাৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস পাব । টেষ্টবেডখন প্ৰায় ২২০ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছে ।

ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (TRAI) ৰূপালী জয়ন্তী উদযাপন (Modi at TRAI silver jubilee celebrations) অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 5G testbed হৈছে আধুনিক প্ৰযুক্তিৰ দিশত আত্মনিৰ্ভৰশীলতাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে গৱেষক আৰু কোম্পানীসমূহক 5G প্ৰযুক্তি প্ৰস্তুত কৰাৰ বাবে পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে আইআইটি মাদ্ৰাজৰ নেতৃত্বত আঠখন প্ৰতিষ্ঠানৰ দ্বাৰা 5G টেষ্টবেডখন নিৰ্মাণ কৰা হৈছে । 5G টেষ্টবেড নথকাৰ বাবে, ষ্টাৰ্টআপ আৰু অন্যান্য উদ্যোগসমূহে 5G নেটৱৰ্ক স্থাপনৰ বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিবলৈ বিদেশলৈ যাব লগীয়া হৈছিল । এই প্ৰকল্পটো নিৰ্মাণত সহযোগিতা আগবঢ়োৱা আন প্ৰতিষ্ঠানবোৰ হৈছে আইআইটি দিল্লী, আইআইটি হায়দৰাবাদ, আইআইটি মুম্বাই, আইআইটি কানপুৰ, আইআইএছচি বেংগালুৰু, চ'চাইটি ফ'ৰ এপ্লাইড মাইক্ৰ'ৱেভ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্ছ (SAMEER) আৰু চেণ্টাৰ অফ এক্সেলেন্স ইন ৱায়াৰলেচ টেকন'লজী (CEWiT) । টেষ্টবেড সুবিধা ৫ টা বিভিন্ন স্থানত উপলব্ধ হ'ব ।

5G টেষ্টবেড উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতে এই দশকৰ শেষৰ ফালে অতি দ্ৰুতগতিৰ ইণ্টাৰনেট সংযোগ প্ৰদান কৰা 6G টেলিকম নেটৱৰ্কৰ আৰম্ভণিৰ লক্ষ্য ৰাখিছে (6G telecom network to be launched in India soon)। প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰা অনুসৰি অনুমান কৰা হৈছে যে 5G নেটৱৰ্কৰ আৰম্ভণিৰ লগে লগে ই ভাৰতীয় অৰ্থনীতিত ৪৫০ বিলিয়ন আমেৰিকান ডলাৰ যোগ দিব । ই কেৱল ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰাই নহয়, উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ গতিও বৃদ্ধি কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে 5G প্ৰযুক্তিয়ে দেশৰ শাসনত ইতিবাচক পৰিৱৰ্তন আনিব, জীৱন ধাৰণ সহজ কৰিব আৰু ব্যৱসায়ত সুবিধা আনিব । ই কৃষি, স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি আৰু কৌশলগত বিকাশত বৃদ্ধি কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি মোডীয়ে কয় যে তেওঁলোকৰ 2G ৰ যুগ নীতিগত ব্যৰ্থতা আৰু দুৰ্নীতিৰ প্ৰতীক আছিল । কিন্তু বিজেপিৰ দিনত প্ৰথমে 4G আৰু এতিয়া 5G আহিছে ।

লগতে পঢ়ক :Nagaland civilian killings : সেনাই সম্পূৰ্ণ কৰিলে তদন্ত প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.