ETV Bharat / bharat

PM Modi departs for Germany : তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীলৈ প্ৰধানমন্ত্ৰী মোডী

তিনিদিনীয়া ভ্ৰমণসূচী(PM Modi's three day Europe visit) ৰে জাৰ্মানী অভিমুখে ৰাওনা(PM Modi departs for Germany) হৈছে দেশৰ প্ৰধানমন্ত্ৰী ৷ কাৰ্যসূচী অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে উপস্থিত হ’ব জাৰ্মানীৰ বাৰ্লিনত ৷ তাত মোডীয়ে ভাৰত-জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’বলগীয়া 6th Inter-Governmental Consultations (IGC) ত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চ’লজৰ সৈতে অংশগ্ৰহণ কৰিব ৷

PM Modi departs for Germany
তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীলৈ প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : May 2, 2022, 10:21 AM IST

নেশ্যনেল ডেস্ক, 2 মে’: জাৰ্মানী অভিমুখে সোমবাৰে ৰাওনা(PM Modi departs for Germany) হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ তিনিদিনীয়া ইউৰোপ ভ্ৰমণ(PM Modi's three day Europe visit) ৰ প্ৰথমদিনাৰ অংশ হিচাপে জাৰ্মানীলৈ বুলি ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ এই কথা টুইটযোগে সদৰি কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

ভাৰত-জাৰ্মানীৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে মোডীয়ে সোমবাৰে বাৰ্লিনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ কাৰ্যসূচী অনুসৰি, মোডীয়ে ভাৰত-জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’বলগীয়া 6th Inter-Governmental Consultations (IGC) ত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চ’লজৰ সৈতে অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, ভাৰতৰ কেৱল জাৰ্মানীৰ সৈতে আইজিচি আছে, যি প্ৰতি দুবছৰৰ মূৰত অনুষ্ঠিত হয় । ইয়াৰ পিছতে এক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই মেজমেলত উপস্থিত থাকিব দুয়োখন দেশৰ শীৰ্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াসকল ৷ আইজিচিৰ পঞ্চম সংখ্যক বৈঠক 2019 চনৰ 31 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ।

pm-modi-departs-for-germany-as-part-of-his-3-day-europe-visit
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে ডেনমাৰ্ক ভ্ৰমণ কৰি নৰ্ডিক দেশসমূহৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ লগতে অন্যান্য শীৰ্ষস্তৰীয় বাৰ্তালাপত মিলিত হ’ব ৷ বুধবাৰে পেৰিছত এক বৈঠকত অংশ লোৱাৰ পিছতে মোডীৰ ভ্ৰমণসূচীৰ অন্ত পৰিব ৷ এই সময়চোৱাতে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নক সাক্ষাৎ কৰিব ৷

দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক টুইটযোগে এই ভ্ৰমণক অংশীদাৰীত্ব বৃদ্ধি, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত সমন্বয় বৃদ্ধি কৰাৰ এক সুযোগ বুলি অভিহিত কৰিছে ৷

ইয়াৰ পূৰ্বে দেওবাৰে এক বিশেষ বৈঠক সম্বোধন কৰি বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই জানিবলৈ দিয়ে যে, প্ৰধানমন্ত্ৰীয়ে তিনিওখন দেশৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বাৰ্তালাপত মিলিত হ’ব ৷ মোডীয়ে এই ভ্ৰমণকালতে প্ৰবাসী ভাৰতীয়সকলৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব ৷

এই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্লিন ভ্ৰমণ দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক আলোচনাৰ বাবে এক সুগঠিত মঞ্চ হ’ব বুলি আশা প্ৰকাশ কৰে ৷

লগতে চাওক: Mussoorie shuttle service: যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি ডেৰাডুনত আৰম্ভ হ’ল শ্বাটল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.