ETV Bharat / bharat

Peaceful protest against Postal department: ডাক বিভাগৰ বিৰুদ্ধে অৰুণাচলত শান্তিপূৰ্ণ প্ৰতিবাদী সমদল

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:06 PM IST

অৰুণাচলত খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীসকলক বঞ্চনা কৰাৰ অভিযোগত ডাক বিভাগৰ(যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) বিৰুদ্ধে ১০টাকৈ সংগঠনৰ প্ৰতিবাদ ৷ অৰুণাচলৰ আকাশদীপৰ পৰা ইটানগৰৰ টেনিছ ক’ৰ্টলৈকে এক শান্তিপূৰ্ণ বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰীসকল ৷ তেওঁলোকে ৰাজ্যজুৰি ৮৬৬টা ডাকঘৰৰ শাখাত খালী হোৱা ২৫৯৬টা পদৰ বিপৰীতে অ-অৰুণাচলী প্ৰাৰ্থীৰ নিযুক্তি শীঘ্ৰে বাতিল কৰাৰ লগতে ডাকঘৰৰ চাকৰি নিযুক্তিৰ নিয়মত স্থানীয় উপভাষা প্ৰৱৰ্তনৰ দাবী জনায় ৷

Peaceful protest against Postal department
ডাক বিভাগৰ বিৰুদ্ধে অৰুণাচলত শান্তিপূৰ্ণ প্ৰতিবাদী সমদল

তেজপুৰ, ১২ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীসকলক বঞ্চনা কৰাৰ অভিযোগত মঙলবাৰে ৰাজ্যখনৰ ১০টাকৈ সংগঠনে ডাক বিভাগৰ(যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰুণাচলৰ আকাশদীপৰ পৰা ইটানগৰৰ টেনিছ ক’ৰ্টলৈকে এক শান্তিপূৰ্ণ বিশাল প্ৰতিবাদী সমদল উলিয়াই ডাক বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷

তেওঁলোকে ৰাজ্যজুৰি ৮৬৬টা ডাকঘৰৰ শাখাত খালী হোৱা ২৫৯৬টা পদৰ বিপৰীতে অ-অৰুণাচলী প্ৰাৰ্থীৰ নিযুক্তি শীঘ্ৰে বাতিল কৰাৰ লগতে ডাকঘৰৰ চাকৰি নিযুক্তিৰ নিয়মত স্থানীয় উপভাষা প্ৰৱৰ্তনৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে লগতে অৰুণাচল প্ৰদেশৰ অ-অৰুণাচল প্ৰদেশ অনুসূচিত জনজাতিৰ(non-APST) পদত পূৰ্বতে কৰা সকলো নিযুক্তি তাৎক্ষণিক বাতিল কৰাৰো দাবী জনায় ৷

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ গ্ৰামীন ডাক সেৱক (জিডিএছ) পদৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বৈষম্য আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । তেওঁলোকে বিভাগৰ খালী পদত অ-অৰুণাচলী প্ৰাৰ্থী নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে ৰাজ্যখনৰ সহস্ৰাধিক খিলঞ্জীয়া নিবনুৱা যুৱক-যুৱতীয়ে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈছে ৷ ডাক বিভাগৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি ৰাজ্যখনৰ ১০টাকৈ সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

ডাক বিভাগৰ অধিনিয়মত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ’লে অৰুণাচল প্ৰদেশৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিলেহেঁতেন বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে ৷ আজি প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনসমূহৰ ভিতৰত আছে ছেভ অৰুণাচল ছেভ ইণ্ডিজেনাছ (SASI), ছেভ অৰুণাচল যুৱ সন্থা (SAYA), ইণ্ডিজেনাছ মুভমেণ্ট এগেইনষ্ট কৰ্পচন এণ্ড ৰিফৰ্মেচন (আইএমএচি এণ্ড আৰ) আৰু অৰুণাচল নাৰী শক্তি (এএনএছ) ।

লগতে পঢ়ক: The Anglo-Kuki War: দ্য এংলো-কুকি ৱাৰ নামৰ কিতাপ প্ৰকাশ কৰা অসৱৰপ্ৰাপ্ত কৰ্ণেলক শীৰ্ষ ন্যায়ালয়ৰ সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.