ETV Bharat / bharat

Press Club of India : ৱায়াৰৰ সম্পাদক আৰু সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চিন্তিত ভাৰতীয় প্ৰেছ ক্লাব

author img

By

Published : Nov 2, 2022, 1:30 PM IST

বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ (BJP national IT department) মুৰব্বীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে 31 অক্টোবৰ, 2022 তাৰিখে The Wire-ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু তেওঁলোকৰ কৰ্মচাৰীৰ ঘৰ আৰু কাৰ্যালয় চৌহদত চলোৱা তালাচীত ভাৰতীয় প্ৰেছ ক্লাব চিন্তিত (Press Club of India) ।

PCI
PCI

নিউজ ডেস্ক, ২ নৱেম্বৰ : বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ (BJP national IT department) মুৰব্বীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে 31 অক্টোবৰ, 2022 তাৰিখে The Wire-ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু তেওঁলোকৰ কৰ্মচাৰীৰ ঘৰ আৰু কাৰ্যালয় চৌহদত চলোৱা তালাচীত ভাৰতীয় প্ৰেছ ক্লাব চিন্তিত (Press Club of India) ।

উল্লেখ্য, এজাহাৰত নাম উল্লেখ থকাসকলৰ ডিজিটেল সঁজুলি জব্দ কৰা কৰিছিল দিল্লী আৰক্ষীয়ে । এক বিবৃত্তিত ভাৰতীয় প্ৰেছ ক্লাবে প্ৰকাশ কৰে, "আমি যি জানো তাৰ পৰা সামগ্ৰীসমূহ নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি 'hash value' প্ৰদান নকৰাকৈয়ে জব্দ কৰা হৈছিল (Delhi Police searched on The Wire office) ।

বিবৃত্তিটোত লগতে কোৱা হৈছে, "এইটো আমাৰ সামূহিক মতামত যে এজাহাৰখনত দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদকসকলৰ (FIR against The Wire Editors) বিৰুদ্ধে গুৰুতৰ অভিযোগৰ তালিকা দিয়া হৈছে । যাৰ ভিতৰত আছে মানহানি, জালিয়াতি, প্ৰৱঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰ । এজাহাৰখন ৱায়াৰত প্ৰকাশিত এক প্ৰতিবেদনৰ সৈতে সম্পৰ্ক আছে, যিখন প্ৰতিবেদন এজন সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীয়ে দিয়া এটা পোষ্টৰ সৈতে সম্পৰ্কিত । ৱায়াৰে ইয়াৰ প্ৰতিবেদন প্ৰত্যাহাৰ কৰি তেওঁলোকৰ পঢ়ুৱৈ সমাজৰ ওচৰত ক্ষমা বিচৰাৰ পিছত অভিযোগ দাখিল কৰা হৈছিল । লগতে তেওঁলোকে এই প্ৰতিশ্ৰুতি দিছিল যে কাৰিকৰী প্ৰমাণৰ সৈতে জড়িত সম্পাদকীয় প্ৰক্ৰিয়াবোৰত এতিয়াৰে পৰা কঠোৰতা অৱলম্বন কৰা হ'ব । ৱায়াৰ কৰ্তৃপক্ষয়ো পঢ়ুৱৈসকলক আশ্বাস দিছিল যে ত্ৰুটিবোৰ অতি গুৰুত্বসহকাৰে চোৱা হ'ব ।"

Press Club of India : ৱায়াৰৰ সম্পাদক আৰু সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চিন্তিত ভাৰতীয় প্ৰেছ ক্লাব
Press Club of India : ৱায়াৰৰ সম্পাদক আৰু সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চিন্তিত ভাৰতীয় প্ৰেছ ক্লাব

বিবৃত্তিটোত আৰু উল্লেখ কৰা হৈছে যে এইটো আশ্চৰ্যজনক যে নিউজ পৰ্টেলটোৱে ইয়াৰ সম্পাদকীয় ত্ৰুটিৰ বাবে হোৱা খেলিমেলিৰ কথা বিতংভাৱে আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰি ক্ষমা বিচৰাৰ পাছতো দিল্লী আৰক্ষীয়ে বিজেপি নেতাজনৰ অভিযোগৰ ওপৰত আধাৰিত কৰি গোচৰ ৰুজু কৰিছে । উক্ত গোচৰটোত আইপিচিৰ অধীনত অপৰাধমূলক ধাৰাসহ অভিযোগ অন্তৰ্ভুক্ত কৰি এখন এজাহাৰ পঞ্জীয়ন কৰা হয় আৰু অস্বাভাৱিক তৎপৰতাৰে বিষয়টোৰ তদন্ত আগবঢ়োৱাৰ সিদ্ধান্ত লয় ।

আনহাতে, ৱায়াৰে জাৰি কৰা এক বিবৃতি অনুসৰি, অপৰাধ শাখাই কাৰ্যালয়ৰ পৰা ফোন, আইপেড আৰু কম্পিউটাৰৰ পৰা হাৰ্ড ডিস্কবোৰ কাঢ়ি লৈ যায় । আনকি সেই সময়ত সঁজুলিবোৰৰ hash value উল্লেখ নকৰাকৈয়ে তেওঁলোকে সেইবোৰ জব্দ কৰে, যিটো ডাটাবোৰৰ অখণ্ডতা বজাই ৰখাৰ বাবে অতি প্ৰয়োজন ।

পিচিআইৰ (PCI) অভিমত হৈছে যে যদিও সংবাদ মাধ্যমৰ প্ৰতিবেদন দিয়াৰ দায়িত্ব আছে আৰু সকলো সময়তে প্ৰতিবেদন দিয়াৰ ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব, দিল্লী আৰক্ষীয়ে বিজেপিৰ মুখপাত্ৰৰ অভিযোগৰ ওপৰত যিধৰণে কাম কৰিছে সেয়া আক্ৰোশমূলক প্ৰতিশোধৰ প্ৰভাৱ । এনে কাৰ্যই বাকী সংবাদ মাধ্যমৰ ওপৰত এক শীতল প্ৰভাৱ পেলায় আৰু বাক স্বাধীনতাকো প্ৰভাৱিত কৰে ।

লগতে পঢ়ক :Elephant Safari in Kaziranga: কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.