মহামান্য উচ্চতম ন্যায়ালয়ে এক পুৰণি ৰায়দানত উল্লেখ কৰিছিল যে, চৰকাৰ এখনৰ বাবে দুখীয়া, দৰিদ্ৰ, দুৰ্বল তথা আৰ্তজনৰ সহায় আৰু স্বাৰ্থ সুৰক্ষা কৰাৰ বাহিৰে আন কোনো কামেই বেছি প্ৰয়োজনীয় হ’ব নোৱাৰে । শেহতীয়াকৈ গাঁৱসমূহৰ উন্নয়নৰ ওপৰত হোৱা সংসদীয় ষ্টেণ্ডিং কমিটিৰ এক প্ৰতিবেদনে এই কথা স্পষ্ট কৰি দিছে যে, দেশত উন্নয়নমূলক কামৰ গতি বহুখিনি স্তব্ধ হৈ পৰিছে । কমিটিখনে দেশৰ আৰ্তজনৰ বাবে নিৰ্ধাৰিত কল্যাণকামী পেঞ্চন অথবা ভাট্টাসমূহৰ বৃদ্ধি নোহোৱা বিষয়টোক গভীৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয় । লগতে এই কমিটিখনে সমাজৰ দুখীয়া অথবা আৰ্তজনৰ বাবে নিৰ্ধাৰণ কৰি দিয়া এই পেঞ্চন বা ভাট্টাসমূহ অতিকৈ কম হোৱা বুলিও অভিহিত কৰে ।
উল্লেখ্য যে, বিপিএল শ্ৰেণী অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা বৃদ্ধ লোকসকলৰ বাবে নিৰ্ধাৰিত পেঞ্চন অতি কম পৰিমাণে দিয়া হয় । সেয়া প্ৰতিমাহে 200 টকাৰ পৰা 500 টকাৰ ভিতৰত দিয়া হয় । তাৰোপৰি 40 বছৰৰ ঊৰ্ধৰ দুখীয়া বিধৱা মহিলাসকলৰ বাবে এতিয়াও এই পেঞ্চন এতিয়া প্ৰতিমাহে 300 টকাৰ পৰা 500 টকা । একেধৰণে 18-79 বছৰ বয়সলৈকে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পেঞ্চন এতিয়াও মাহে মাত্ৰ 300 টকা ।
প্ৰশ্ন হয়, ইমান কম আৰ্থিক সাহায্যৰে এই লোকসকলৰ কিবা সহায় হ’বনে ? গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে পেঞ্চন বৃদ্ধিৰ বাবে আগবঢ়োৱা পৰামৰ্শসমূহৰ বিষয়টোক লৈ এতিয়ালৈকে কোনো কাণসাৰ দিয়া পৰিলক্ষিত নহ’ল । তথাপি আশা কৰা হৈছে যে, মন্ত্ৰণালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ এইবাৰ এই পেঞ্চনসমূহ উপযুক্ত পৰিমাণে বৃদ্ধি কৰিব, যিয়ে দানগ্ৰাহী লোকসকলৰ প্ৰকৃত উপকাৰ সাধন কৰিব পৰা যায় । লগতে কমিটিখনে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰেও এই লোকসকলৰ প্ৰতি থকা দায়ৱদ্ধতা স্বীকাৰ কৰিব ল’বই লাগিব ।
যিসকল লোক বৃদ্ধ, তেওঁলোক ভোকত থকা, অৱলা, বিধৱা মহিলাসকল তথা বিশেষভাৱে সক্ষম লোকসকলৰ অৱজ্ঞা হোৱাতো সকলোৰে বাবে নিন্দনীয় । এইধৰণৰ লোকসকল বঞ্চিত হোৱা মানেই এখন কল্যাণকামী দেশৰ যি ধাৰণা থাকে, তাৰ বিপৰীতহে হোৱা দেখা যায় ।
বৃদ্ধাৱস্থাত সকলোতকৈ ডাঙৰ সমস্যাটো হ’ল একাকীকত্ব । এনে সময়ত যেতিয়া দুখীয়া বৃদ্ধ লোকসকলৰ ক্ষেত্ৰত কোনো ৰোগে দেখা দিয়ে, তেতিয়া তেওঁলোকৰ অৱস্থা আৰু অধিক দুখ লগা হৈ পৰে । ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ বিভাগ আৰু ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ পপুলেচন চায়েঞ্চে কৰা এক সমীক্ষাত এনে বহু তথ্য পোহৰলৈ আহিছে । এই সমীক্ষাত পোৱা গৈছে যে, 60 বছৰৰ ঊৰ্ধৰ 40 শতাংশ লোকে এতিয়াও নিজৰ জীৱন নিৰ্বাহৰ বাবে কাম কৰিবলগীয়া হয় । 2011 ৰ লোকপিয়ল অনুসৰি, দেশত বয়সস্থ লোকৰ সংখ্যা 10.3 কোটি । প্ৰত্যেক বছৰে এই পৰিসংখ্যা 3 শতাংশকৈ বৃদ্ধি পাই আহিছে । এই সমীক্ষাই লগতে এই কথাও কয় যে, এই বয়সস্থ লোকসকলৰ আধাতকৈ অধিক লোক বিভিন্ন বাৰ্ধক্যজনিত ৰোগত ভূগি আহিছে । সমীক্ষাটোৱে লগতে এই কথাও উনুকিয়াই দিয়ে যে, এম জি এনৰেগা আঁচনিত জড়িত বনুৱাসকলৰ 10 শতাংশই বয়সস্থ লোক । তাৰোপৰি দুখীয়া লোকসকলৰ ভিতৰত মাত্ৰ 3 শতাংশ লোকেহে বৃদ্ধ পেঞ্চন আঁচনিৰ দ্বাৰা লাভান্ৱিত হৈ আহিছে ।
সংসদীয় ষ্টেণ্ডিং কমিটিখনে কয় যে, এম জি এনৰেগা আঁচনি, যাৰ সহায়ত ক’ভিড-19 ৰ ভয়াৱহতাৰ সময়চোৱাত দুখীয়া আৰু প্ৰব্ৰজিত লোকসকলক জীৱিকাৰ উপায় দিয়া হৈছিল । পিছে এই আঁচনিৰ অধীনত ৰাজ্যভেদে মজুৰি ভিন্ন হোৱা দেখা গৈছিল । যদি এজন শ্ৰমিকে এই আঁচনিৰ অধীনত ছত্তিশগড়ত 190 টকা পায়, তেলেগু অধ্যুষিত ৰাজ্যসমূহ তথা হাৰিয়ানাত এই মজুৰি 237 টকা । মজুৰিৰ এই ভিন্নতাৰ উপৰিও সংসদীয় ষ্টেণ্ডিং কমিটিখনে এই আঁচনিৰ অধীনত মজুৰি দিয়াত হোৱা বিলম্বৰ কথাও উল্লেখ কৰে । সেয়ে চৰকাৰে এই সীমাৱদ্ধতাসমূহ অতি সোনকালেই দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত, যাতে ই জন সাধাৰণৰ বাবে প্ৰকৃত পক্ষেই লাভদায়ক হয় ।
যোৱা দুটা বছৰে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে বৃদ্ধ, বিধৱা তথা বিশেষভাৱে সক্ষমসকলৰ বাবে পেঞ্চন বঢ়োৱাৰ কথা উল্লেখ কৰি আহিছে, যদিও প্ৰকৃত পক্ষে এতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰা নাই । এই সময়ত প্ৰধানমন্ত্ৰীৰ বিশেষ এষাৰ কথা উনুকিয়াব পাৰি । মোডীয়ে কৈছিল যে, ‘‘উন্নয়ন তেতিয়ালৈকে আধৰুৱা হৈ ৰ’ব, যেতি়য়ালৈকে ইয়াৰ ফল দুখীয়া লোকসকলে গ্ৰহণ কৰিব নোৱাৰিব’’ ।