ETV Bharat / bharat

জম্মু-কাশ্মীৰত পাকিস্তানী ড্ৰোণে নিক্ষেপ কৰিলে তৰল ৰাসায়নিক পদাৰ্থ - JK DGP Dilbag Singh

জম্মু-কাশ্মীৰ অঞ্চলত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে (Pakistani drone activity in JK area)। এইবাৰ পাকিস্তানী ড্ৰোণে নিক্ষেপ কৰিলে গ্ৰেনেড, আইইডি, পিষ্টল আৰু গোলাবাৰুদ । প্ৰথমবাৰলৈ এবিধ তৰল ৰাসায়নিক পদাৰ্থ নিক্ষেপ কৰে পাকিস্তানী ড্ৰোণে । কিন্তু কি এই ৰাসায়নিক পদাৰ্থবিধ ?

Pakistani drone
পাকিস্তানী ড্ৰোণে নিক্ষেপ কৰিলে তৰল ৰাসায়নিক পদাৰ্থ
author img

By

Published : Feb 26, 2022, 1:42 PM IST

নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰত পাকিস্তানৰ অনৈতিক কাৰ্যকলাপ অব্যাহত আছে । শেহতীয়াকৈ পাকিস্তানে ড্ৰোণৰ ব্যৱহাৰ বেছিকৈ কৰা দেখা গৈছে । পাকিস্তানৰ পৰা জম্মু-কাশ্মীৰ অঞ্চললৈ ড্ৰোণৰ সহায়ত নিচাজাতীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰও সৰবৰাহ কৰা দেখা গৈছে (Pakistani drone activity in JK area)। বিশেষকৈ সন্ত্ৰাসবাদক শক্তিশালী কৰাৰ বাবেই পাকিস্তানে এই ধৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে । অৱশ্যে পাকিস্তানৰ এই কু-অভিসন্ধি বিফল কৰাৰ উদ্দেশ্যে আৰক্ষী তথা ভাৰতীয় সেনাই বিভিন্ন সময়ত চেষ্টা অব্যাহত ৰাখিছে ।

Pakistani drone
জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ সংবাদমেল

ইয়াৰ মাজতে পুনৰ পাকিস্তানী ড্ৰোণ দেখা গ'ল জম্মু-কাশ্মীৰ অঞ্চলত । জম্মু-কাশ্মীৰত বৰ্তি থকা শান্তি বিঘ্নিত কৰাৰ উদ্দেশ্যে পাকিস্তানী ড্ৰোণে নিক্ষেপ কৰে গ্ৰেনেড, আইইডি, পিষ্টল আৰু গোলাবাৰুদ । আৰক্ষীয়ে জনোৱা মতে প্ৰথমবাৰৰ বাবে এবিধ তৰল ৰাসায়নিক পদাৰ্থও নিক্ষেপ কৰে পাকিস্তানী ড্ৰোণে (Pakistani drone dropped liquid chemical in JK)।

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) দিলবাগ সিঙে কয় যে বুধবাৰে এটা পাকিস্তানী ড্ৰোণে অস্ত্ৰ-শস্ত্ৰসমূহ নিক্ষেপ কৰে । ডিজিপিৰ মতে জম্মু-কাশ্মীৰৰ শান্তি বিঘ্নিত কৰিব বিচাৰে পাকিস্তানে । ইফালে তৰল ৰাসায়নিক পদাৰ্থ বিধ প্ৰকৃততে কি, ইয়াৰ ব্যৱহাৰ বা ইয়াৰ প্ৰভাৱ সম্পৰ্কে আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষা চলাইছে বুলি তেওঁ অৱগত কৰে । সন্ত্ৰাসবাদক পুঁজি যোগান ধৰাৰ উদ্দেশ্যে এনেদৰে পাকিস্তানে নিচাজাতীয় দ্ৰব্য বা অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ অব্যাহত ৰাখিছে বুলি দাবী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে যোৱা দুটা বছৰত এই ধৰণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে ।

অৱশ্যে পাকিস্তানৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিৰোধী ব্যৱস্থাও গ্ৰহণ কৰিছে ভাৰতৰ নিৰাপত্তা বাহিনীয়ে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে বিগত বছৰত মুঠ ১৮২ টা সন্ত্ৰাসবাদী নিহত হৈছে আৰু ৩০০ তকৈও অধিক অস্ত্ৰ জব্দ কৰা হৈছে ।

লগতে পঢ়ক :BSF জোৱানৰ আত্মহত্যাক লৈ ত্ৰিপুৰাত ৰহস্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.