ETV Bharat / bharat

জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানৰ কনভয়ত গুলীচালনা - Maulana Fazlur Rehman

Pakistan JUI-F chief Convoy attacked: পাকিস্তানৰ ৰাজনৈতিক সংগঠন জমিয়ত উলেমা-ই-ইছলাম-ফজল (জেইউআই-এফ)ৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানৰ কনভয়ত দেওবাৰে কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ এই ঘটনাত ৰহমান সুৰক্ষিত হৈ আছে ৷

Etv BharatJUI-F chief Maulana Fazlur Rehman's convoy attacked in Khyber Pakhtunkhwa
জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানৰ কনভয়ত কেইবাৰাউণ্ড গুলীচালনা
author img

By ANI

Published : Jan 1, 2024, 10:37 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 1 জানুৱাৰী : পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ ডেৰা ইছমাইল খানত ৰাজনৈতিক সংগঠন জমিয়ত উলেমা-ই-ইছলাম-ফজল (জেইউআই-এফ)ৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানৰ কনভয়ত দেওবাৰে অৰ্থাৎ 31 ডিচেম্বৰক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, জেইউআই-এফ ৰ মুৰব্বীগৰাকীৰ কনভয়ত য়াৰিক ইণ্টাৰচেঞ্জত কেইবাফালৰ পৰা গুলীচালনা কৰা ঘটনা সংঘটিত হৈছিল । দলৰ মুখপাত্ৰ মুফতি আব্ৰাৰে এই খবৰ নিশ্চিত কৰে । জানিব পৰা মতে, জেইউআই-এফৰ মুৰব্বী মৌলানা ফজল-উৰ-ৰহমান তেওঁৰ কনভয়ৰ সৈতে ডেৰা ইছমাইল খানৰ মাজেৰে গৈ আছিল। ইয়াৰ পিচতে, তেওঁৰ কনভয়ত আক্ৰমণ কৰা হৈছিল । এই আক্ৰমণৰ পিচত মুৰব্বীগৰাকীৰ নিৰাপত্তাত উপস্থিত বিষয়াসকলে কয় যে, এই ঘটনাত ৰেমহান সুৰক্ষিত হৈ আছে ৷ এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। আক্ৰমণৰ সময়ত, মৌলানাৰ গাড়ীখনত তেল ভৰাবলৈ য়াৰিক ইণ্টাৰচেঞ্জৰ ওচৰত ৰখোৱা হৈছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জেইউআই-এফৰ মুৰব্বী ফজল-উৰ-ৰহমানেও তেওঁৰ নিৰাপত্তাক লৈ বহুবাৰ চিন্তিত হোৱা দেখা গৈছিল। খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ কিছু অংশত নিৰাপত্তা পৰিস্থিতিৰ বাবে তেওঁ কেইবাবাৰো নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ সন্দেহ প্ৰকাশ কৰিছিল ।

যোৱা 5 ডিচেম্বৰত ইছলামাবাদত এখন সংবাদমেল সম্বোধন কৰি ফজল-উৰ-ৰেহমানে নিৰাপত্তা ৰক্ষাৰ বিষয়ত আশ্চৰ্যজনক মত প্ৰকাশ কৰিছিল ৷ তেওঁ কৈছিল যে ডেৰা ইছমাইল খান, টেংক আৰু লাক্কি মাৰৱাটত কোনো আৰক্ষী নাই। এই সপ্তাহৰ আৰম্ভণিতে, ফজলে সতৰ্ক কৰি দিছিল যে যদি প্ৰচাৰৰ সময়ত দলীয় কৰ্মীসকলক আক্ৰমণ কৰা হয় তেন্তে তেওঁ পাকিস্তানৰ মুখ্য ন্যায়াধীশ (চিজেপি) কাজী ফৈজ ইছা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত (চিআইচি) চিকান্দৰ চুলতান ৰাজাক দায়ী কৰিব ৷

লগতে পঢ়ক: 16 বছৰ বয়সতে 4 খন গ্ৰন্থ, গঢ়িবলৈ সক্ষম হৈছে বহু ৰেকৰ্ড: কোন এই আমানা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.