ETV Bharat / bharat

ভাৰতত প্ৰদান কৰা হৈছে ১৪.৭৮ কোটিৰো অধিক প্ৰতিষেধক: কেন্দ্ৰ - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

বৰ্তমানলৈকে ভাৰতত ক'ভিড-১৯ প্ৰতিষেধকৰ ১৪.৭৮ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে । বুধবাৰে এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । যোৱা ২৪ ঘণ্টাত ২৫ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে ভাৰতত ।

বৰ্তমানলৈকে ভাৰতত প্ৰতিষেধকৰ ১৪.৭৮ কোটিৰো অধিক পালি প্ৰদান

author img

By

Published : Apr 28, 2021, 4:23 PM IST

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: ভাৰতত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰা সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰ পৰ্যন্ত ভাৰতত ১৪.৭৮ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে । বুধবাৰে পুৱা ৭ বজাত প্ৰকাশ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত প্ৰতিষেধকৰ ২৫ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে । টীকাকৰণ অভিযানৰ ১০২ সংখ্যক দিনটোত অৰ্থাৎ যোৱা ২৭ এপ্ৰিলত ২৫,৫৬,১৮২টা পালি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।

১৫,৬৯,০০০ গৰাকী হিতাধিকাৰীক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰাৰ লগতে ৯,৮৭,১৮২ গৰাকী হিতাধিকাৰীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ৯৩,৪৭,৭৭৫ গৰাকী স্বাস্থ্য কৰ্মীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু ৬১,০৬,২৩৭ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । আনহাতে, ১,২২,২১,৯৭৫ গৰাকী ফ্ৰণ্ট লাইন কৰ্মীয়ে প্ৰথম পালি আৰু ৬৫,২৬,৩৭৮ গৰাকী ফ্ৰণ্ট লাইন কৰ্মীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।

ইফালে, ৫,১০,৮৫,৬৭৭ গৰাকী ৬০ বছৰৰ উৰ্ধৰ হিতাধিকাৰীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে দ্বিতীয় পালি গ্ৰহণ কৰে ৯৩,৩৭,২৯২ গৰাকী হিতাধিকাৰীয়ে । ৪৫ বছৰৰ পৰা ৬০ বছৰৰ মাজৰ ৫,০২,৭৪,৫৮১ গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ২৯,২৭,৪৫২ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ ১০ খন ৰাজ্যত ইতিমধ্যে প্ৰতিষেধকৰ ৬৭.২৬ শতাংশ পালি প্ৰদান কৰা হৈছে ।

যোৱা ২৪ ঘণ্টাত নতুনকৈ আৰোগ্য হোৱা ২,৬১,১৬২ গৰাকী লোক সহ ভাৰতত বৰ্তমানলৈকে ১,৪৮,১৭,৩৭১ গৰাকী ৰোগীয়ে মহামাৰীৰে যুঁজি সুস্থ হৈ উঠিছে । এই পৰিসংখ্যসহ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৩৩ শতাংশ হৈছেগৈ । আনহাতে, ১০ খন ৰাজ্যত নতুনকৈ হোৱা আৰোগ্যৰ হাৰ ৭৯.০১ শতাংশ । দেশত বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৬০,৯৬০ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬৬,৩৫৮ জন ।

দৈনিক সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ । ৰাজ্যখনত দৈনিক আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২,২৯১ জন । কেৰালাত দৈনিক আক্ৰান্তৰ সংখ্যা ৩২,৮১৯ জনলৈ বৃদ্ধি পাইছে । তদুপৰি, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, ছট্টিশগড়, পশ্চিমবংগ, তামিলনাডু, গুজৰাট আৰু ৰাজস্থানত নতুনকৈ আক্ৰান্তৰ হাৰ ৭৩.৫৯ শতাংশ হৈছেগৈ । ভাৰতৰ মুঠ সক্ৰিয় আক্ৰান্তৰ ঘটনা ২৯,৭৮,৭০৯টালৈ বৃদ্ধি হৈছে ।

ইফালে, ভাৰতত মহমাৰীত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে আৰু বৰ্তমান মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৩,২৯৩ জন লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে ।

ৰাজ্যখনত ৮৯৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । দিল্লীত দৈনিক ৩৮১ জন লোকৰ মৃত্যু হৈছে । দমন আৰু দিউ, দাদৰ আৰু নগৰ হাভেলি, লক্ষদ্বীপ, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ।

লগতে পঢ়ক:বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.