আগৰতলা, ১ মাৰ্চ : ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান অব্যাহত আছে (Tripura police raid against drugs)। ইয়াৰ মাজতে পুনৰ ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা । সোমবাৰে ৰাজ্যখনৰ উত্তৰ জিলাৰ ধৰ্মনগৰত এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে ১৩০ কিল’গ্ৰাম গাঞ্জা জব্দ কৰে (Tripura police seized 130 kg cannabis) ।
ধৰ্মনগৰ মহকুমা আৰক্ষী বিষয়া সৌম্য দেৱবাৰ্মাই জনোৱা মতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দেৱনাথৰ নেতৃত্বত ট্ৰেফিক আৰক্ষীয়ে ৰাজপথত বাহনসমূহত তালাচী চলাই আছিল । সেই তালাচীৰ মাজতে আৰক্ষীয়ে জব্দ কৰে চাৰিচকীয়া বাহনখন । য'ত গাঞ্জাখিনি উদ্ধাৰ কৰা হয় । বাহনখনৰ নম্বৰ AS-03 N-4424 । বাহনখনৰ ভিতৰত গাড়ীৰ এখন নম্বৰ প্লেট উদ্ধাৰ কৰা হৈছে ।
ইফালে ঘটনা সন্দৰ্ভত এজন লোককো আটক কৰিছে আৰক্ষীয়ে । আটকাধীন লোকজন গোমতী জিলাৰ অমৰপুৰ মহকুমাৰ বাসিন্দা ডেভিদ দেৱবাৰ্মা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Drug peddler arrested : চাংসাৰীত নিচাযুক্ত দ্ৰব্যসহ চাৰিজনক আটক