ETV Bharat / bharat

Foreign Tourist Touched Inappropriately : জয়পুৰত বিদেশী মহিলা পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ; ব্যৱস্থা গ্ৰহণৰ আহ্বান

author img

By

Published : Jul 3, 2023, 8:10 PM IST

ঘটনাটোৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোত এজন স্থানীয় ব্যক্তিয়ে এগৰাকী বিদেশী মহিলা পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল । দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ভিডিঅ'টোত দেখা মানুহজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে ।

Foreign Tourist Touched Inappropriately
Foreign Tourist Touched Inappropriately
জয়পুৰত বিদেশী মহিলা পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ

নিউজ ডেস্ক, ৩ জুলাই : ৰাজস্থানৰ জয়পুৰ চহৰত এজন ব্যক্তিয়ে এগৰাকী বিদেশী মহিলা পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যাৰ ফলত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ঘটনাটো জয়পুৰ চহৰৰ সিন্ধি কেম্প অঞ্চলত সংঘটিত হৈছিল যদিও এই ঘটনাটো কেতিয়াৰ সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

ভিডিঅ'টোত মহিলা পৰ্যটকগৰাকীক এজন পুৰুষ সঙ্গী আৰু এজন স্থানীয় পুৰুষৰ সৈতে দেখা গৈছে । তাত দেখা গৈছে যে স্থানীয় ব্যক্তিগৰাকীয়ে বাৰে বাৰে তেওঁক আপত্তিজনকভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে । মহিলাগৰাকীয়ে মানুহজনক ঠেলি দিবলৈ চেষ্টা কৰিছে । আনকি তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ মৰমৰ সুৰত কথা কোৱাও দেখা গৈছে ।

৪০ বছৰমান বয়সৰ ব্যক্তিজনে মহিলাগৰাকীৰ কান্ধত হাত দিয়াৰ পূৰ্বে 'এয়া মোৰ আনন্দ' বুলি উচ্চাৰণ কৰা শুনা গৈছে । ইয়াৰ পিছত আনখন হাতেৰে মহিলাগৰাকীৰ আনটো বাহুত ধৰি লয় । কোনোবা এটা মুহূৰ্তত ব্যক্তিগৰাকীয়ে বুকুৰ কাষৰ আপত্তিজনক অংশত স্পৰ্শ কৰে, যিটো স্পষ্টভাৱে এক নিৰ্যাতন আৰু তাৰ দ্বাৰা মহিলাগৰাকী যথেষ্ট অস্বস্তিত পৰে ।

আনহাতে, ভিডিঅ'টোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ইউজাৰে ৰেডিটত লিখিছে, "আৰু এতিয়াও পিৰিয়ড পেড বা কণ্ডোমৰ বিজ্ঞাপন প্ৰদৰ্শিত হ'লে অভিভাৱকসকলে সদায় বিজুলী গতিৰে টিভিটো বন্ধ কৰে ।" আন এজন ইউজাৰে লিখিছে, "মই হোৱাহেঁতেন এই মানুহজনক হত্যা কৰিলোঁহেঁতেন । কেৱল এই বাৰ্তাটো দিবলৈ যে মানুহক হাৰাশাস্তি কৰাটো সঠিক নহয় ।"

সূত্ৰৰ পৰা জানিব পৰা মতে, সংশ্লিষ্ট আৰক্ষী থানাই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ বিষয়ে বিবেচনা কৰিছে যদিও বিষয়টোত কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা হোৱা নাই । "আৰক্ষীয়ে ভিডিঅ'টোত দেখা মানুহজনক বিচাৰি আছে ।" এজন আৰক্ষী বিষয়াই কয় ।

ইফালে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু ৰাজস্থান আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে । টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি মালিৱালে লিখিছে, "এইমাত্ৰ পোৱা এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে এই ব্যক্তিজনক এজন বিদেশী পৰ্যটকক আপত্তিজনকভাৱে স্পৰ্শ কৰা দেখা গৈছে । এইটো অতি লজ্জাজনক ঘটনা । অশোক গেহলট আৰু ৰাজস্থান আৰক্ষীক পদক্ষেপ গ্ৰহণৰ বাবে টেগ কৰিলোঁ । এই ঘটনাবোৰে দেশবাসীৰ বাবে এক বেয়া নাম কঢ়িয়াই আনিছে !"

আনহাতে, ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ পিছৰে পৰা পোষ্টটোৱে টুইটাৰত বহুতো মন্তব্য লাভ কৰিছে । লজ্জাজনক ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ইউজাৰে লিখিছে, "ঘৃণনীয় আচৰণ । এই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত ।" আন এজন ইউজাৰে লিখিছে, "মহিলাসকলক কিছু সন্মান প্ৰদৰ্শন কৰক ।"

লগতে পঢ়ক :Pakistani woman falls in love with Indian man : ভাৰতীয় যুৱকৰে প্ৰেম, সন্তানসহ ভাৰতলৈ পলাই আহিল পাকিস্তানী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.