ETV Bharat / bharat

Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ

author img

By

Published : Dec 25, 2021, 2:19 PM IST

ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি (Omicron tally rises to 415 in India) । আক্ৰান্তসকলৰ এক অধ্যয়নত পোহৰলৈ আহিছে যে, প্ৰায় ৯১ শতাংশ ৰোগীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক । ৭০ শতাংশ আক্ৰান্তৰ দেহত কোনো লক্ষণ নাছিল আৰু ৬১ শতাংশই পুৰুষ ।

Omicron tally rises to 415 in India
আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছে সম্পূৰ্ণ টীকাকৰণ

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : ভাৰতত ক'ভিডৰ অ'মিক্ৰণ প্ৰকাৰৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Omicron infections have increased in India) । দেশত অ'মিক্ৰণৰ ঘটনাই অতিক্ৰম কৰিলে ৪০০ ৰ ঘৰ । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শনিবাৰলৈকে দেশত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ লৈ বৃদ্ধি হৈছে । ইফালে শুকুৰবাৰলৈ ১১৫ গৰাকী অ'মিক্ৰণত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে ।

লক্ষণীয়ভাৱে মহাৰাষ্ট্ৰত এতিয়ালৈ সৰ্বাধিক ১০৮ টা অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । সমান্তৰালকৈ দিল্লীত ৭৯ গৰাকী, গুজৰাটত ৪৩ গৰাকী, তেলেংগানাত ৩৮ গৰাকী, কেৰালাত ৩৭ গৰাকী আৰু তামিলনাডুত ৩৪ গৰাকী লোক ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণত আক্ৰান্ত হৈছে । দেশৰ ১৭ খন ৰাজ্যত অ'মিক্ৰণত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়ালৈ অ'মিক্ৰণৰ ঘটনা পোহৰলৈ অহা নাই ।

কেন্দ্ৰীয় চৰকাৰৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে অ'মিক্ৰণত আক্ৰান্ত ১৮৩ গৰাকী ৰোগীৰ ভিতৰত ১২১ গৰাকীৰে বিদেশ ভ্ৰমণৰ ইতিহাস আছে । আমোদজনকভাৱে, অ'মিক্ৰণত আক্ৰান্ত ১৮৩ গৰাকী ৰোগীৰ ভিতৰত ৯১ শতাংশ ৰোগীয়ে ক'ভিডৰ সম্পূৰ্ণ টীকা গ্ৰহণ কৰিছিল । ইয়াৰে ৭০ শতাংশ আক্ৰান্তৰ দেহত কোনো লক্ষণ নাছিল আৰু আক্ৰান্তসকলৰ মাজৰ ৬১ শতাংশই পুৰুষ ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত ৭,১৮৯ গৰাকী লোক নতুনকৈ ক'ভিড 19 ত আক্ৰান্ত হৈছে । উক্ত সময়চোৱাত ৩৮৭ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৭,২৮৬ গৰাকী ৰোগীয়ে । এতিয়ালৈ দেশত ক'ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৪,৭৯,৫২০ গৰাকীলৈ বৃদ্ধি হৈছে । দেশত এতিয়াও ৭৭,০৩২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

হায়দৰাবাদৰ কৃষ্ণা ইনষ্টিটিউট অৱ মেডিকেল চায়ঞ্চেছ (KIMS) সঞ্চালক ড৹ সম্বিত চাহুৱে উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশত জানুৱাৰীৰ শেষৰ ফালে অ'মিক্ৰণৰ ঘটনা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । কিয়নো বিশ্বৰ বাকী দেশবোৰে যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, ভাৰতেও নিশ্চিতভাৱে একে সমস্যাৰ মাজেৰে যাব লাগিব । কিন্তু পূৰ্বৰ দৰে গুৰুতৰ ৰোগী নাথাকিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : Omicron Case in India: পুনৰ জাৰি সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.