ETV Bharat / bharat

Odisha Minister Assassination: সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য; ৰহস্যৰ আৱৰ্তত হত্যাকাণ্ডৰ কাৰণ

author img

By

Published : Jan 30, 2023, 10:30 PM IST

ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ হত্যাকাণ্ড সন্দৰ্ভত অপৰাধ শাখাই অব্যাহত ৰাখিছে তদন্ত ৷ হত্যাকাৰী আৰক্ষী উপ-পৰিদৰ্শক গোপাল কৃষ্ণ দাসক চলোৱা হৈছে মাৰাথন জেৰা ৷ ইফালে, সোমবাৰে সম্পন্ন হয় স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য (Odisha Minister Assassination) ৷

Odisha Minister Assassination
সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: সোমবাৰে সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য (Odisha health minister funeral) ৷ দেওবাৰে এখন ৰাজহুৱা সভাৰ নিৰাপত্তৰ দ্বায়িত্বত থকা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ গুলীতেই নিহত হৈছিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, উপ-পৰিদৰ্শকগৰাকীৰ গুলীয়ে ভেদি গৈছিল নৱ দাসৰ বুকু ৷ ঘটনাৰ পিচতেই আটক কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক ৷

ইফালে, এই হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা আৰক্ষী উপ-পৰিদৰ্শক গোপাল কৃষ্ণ দাসক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ এই কথা সদৰী কৰিছে ঝাৰছুগোড়াৰ অধীক্ষক ৰাহুল জৈনে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতেই আছে হত্যাকাৰী গোপাল কৃষ্ণ দাস (Odisha minister shot by police officer) ৷ আদালতলৈ নিয়াৰ পিচতেই পুনৰ আৰক্ষীয়ে জিম্মাত ল’ব গোপাল কৃষ্ণ দাসক ৷ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ হত্যাকাণ্ডৰ সমগ্ৰ তদন্ত অব্যাহত ৰাখিছে অপৰাধ শাখাই (Odisha health minister murder) ৷

উল্লেখ্য যে, দেওবাৰে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই স্বাস্থ্যমন্ত্ৰী নৱ দাসলৈ (Odisha health minister Naba Das) লক্ষ্য কৰি গুলীচালনা কৰিছিল উপ-পৰিদৰ্শক গোপাল কৃষ্ণ দাসে ৷ দিনৰ প্ৰায় 12.30 বজাত সংঘটিত হৈছিল এই ঘটনা ৷ গুলীবিদ্ধ নৱ দাসক তাতলিকে ভৰ্তি কৰোৱা হৈছিল এপল’ হাস্পতালত ৷ কিন্তু সন্ধিয়া মৃত্যুক সাৱটি লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ওডিশাতে পৰিছে শোকৰ ছাঁ ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে বিৰ্জু জনতা দলৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে (Odisha CM Naveen Patnaik) ৷ তেওঁ কয়, ‘‘নৱ দাস বিজেদি দলৰ লগতে চৰকাৰৰো সম্পদ আছিল ৷ ওডিশাৰ বাবে তেওঁৰ মৃত্যু এক বৃহৎ ক্ষতি ৷’’

আনহাতে, নৱ দাসক শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল বুলি সদৰী কৰিছে এগৰাকী প্ৰত্যক্ষদৰ্শী অধিবক্তাই ৷ গুলীচালনা কৰিয়েই হত্যাকাৰী আৰক্ষী বিষয়া গোপাল দাসে পলাবলৈ চেষ্টা কৰিছিল যদিও আটক কৰে আৰক্ষীয়ে ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ ৷ ইতিমধ্যেই আৰক্ষীয়ে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত হোৱা 9mm পিষ্টলটোৰ লগতে তিনি জাঁই সক্ৰিয় গুলী ৷

লগতে পঢ়ক: Odisha Health minister succumbed: আৰক্ষীৰ গুলীতেই ওডিশাৰ স্বাস্থ্যমন্ত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.