ETV Bharat / bharat

Nyubu Nyegam Yerko in Arunachal Pradesh: জনজাতীয় শিক্ষাৰে চলা অৰুণাচলৰ এখন বিশেষ বিদ্যালয়

author img

By

Published : Nov 30, 2022, 7:00 PM IST

Updated : Nov 30, 2022, 7:27 PM IST

জনজাতীয় শিক্ষাৰে চলা অৰুণাচল প্ৰদেশৰ এখন বিদ্যালয় ’নিউবু নেগাম য়েৰকো’(Nyubu Nyegam Yerko in Arunachal Pradesh)। চুবুৰীয়া ৰাজ্যখনত ২০২০ বৰ্ষত স্থাপিত হোৱা এই অগতানুগতিক বিদ্যালয়খনৰ কথাৰে আমাৰ আজিৰ এই প্ৰতিবেদন ...

Nyubu Nyegam Yerko Tribal Gurukul System education in Arunachal pradesh
Nyubu Nyegam Yerko in Arunachal Pradesh: জনজাতীয় শিক্ষাৰে চলা অৰুণাচলৰ এখন বিশেষ বিদ্যালয়

তেজপুৰ, ৩০ নৱেম্বৰ: পাহাৰীয়া ৰাজ্যসমূহত শিক্ষাৰ বাবে সকলো সুবিধা সময়মতে উপলব্ধ নহয় বা যথেষ্ট পৰিমাণে কম বুলি এটা সৰ্বসন্মত ধাৰণা থকা পৰিলক্ষিত হয় । কিন্ত বৰ্তমান সময়ত এই ধাৰণা ভ্ৰান্ত বুলি প্ৰতিফলিত হোৱা দেখা গৈছে । দেশৰ শিক্ষা ব্যৱস্থাই জনজাতীয় লোকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে । অসমত যিদৰে অসমীয়া ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ঠিক তেনেদৰে অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ এখন বিদ্যালয়ত জনজাতীয় ভাষাত প্ৰদান কৰা হয় শিক্ষা (Gurukul school in Arunachal Pradesh education in Nishi)৷ বিদ্যালখনত নিছি ভাষা, ধ্বনিবিজ্ঞান, নিছি সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা হয় ।

পূৱ কামেং জিলা সদৰৰ পৰা ৮ কিলোমিটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত ৰং (Rang) গাৱঁত অৱস্থিত এই বিদ্যালয়খন । বিদ্যালয়খনৰ নাম নিউবু নেগাম য়েৰকো (Nyubu Nyegam Yerko Tribal Gurukul System education ) । ইয়াৰ অৰ্থ হৈছে পৰম্পৰাগতৰ লগতে আধুনিক দুয়োটা শিক্ষা ব্যৱস্থাৰে জনজাতীয় গুৰুকুল শিক্ষা ব্যৱস্থা ।

নিউবুৰ অৰ্থ হ’ল আধ্যাত্মিক পুৰোহিত, নেগামৰ অৰ্থ হ’ল প্ৰজ্ঞাৰ মানুহ, বৌদ্ধিক আৰু বক্তৃতা দক্ষতাসম্পন্ন ব্যক্তি, য়েৰ্কোৰ অৰ্থ হৈছে প্ৰতিষ্ঠান(Nishi language school in Arunachal Pradesh) । ২০২০ চনৰ ৩ ফেব্ৰুৱাৰীত বিদ্যালয়খন স্থাপন কৰা হয়(Nyubu Nyegam Yerko established in 2020) । এতিয়া লিখিত আৰু মৌখিক দুয়োটাৰ সাক্ষাৎকাৰৰ জৰিয়তেহে নিৰ্বাচিত কৰা হয় শিক্ষা প্ৰতিষ্ঠানখনিৰ বাবে শিক্ষক । মুঠ ৯০ জন ছাত্ৰ বৰ্তমান এই বিদ্যালয়খনত আছে ।

তৃতীয়টো শৈক্ষিক বৰ্ষত এইবাৰ তৃতীয় শ্ৰেণীলৈকে শিক্ষা প্ৰদান আৰম্ভ কৰিছে । ইয়াত শিক্ষা গ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী অনাথ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লগতে পুৰোহিতসকলৰ পুত্ৰ । বিদ্যালয়খনত শিক্ষা প্ৰদান ১০০% বিনামূলীয়া আৰু ই অনুদানৰ জৰিয়তে ক্ৰাউড ফাণ্ডিঙৰ মাধ্যমেৰে চলি আছে(100 percent free education in Arunachal pradesh school) । নামভৰ্তিৰ ক্ষেত্ৰত নিছি পুৰোহিতসকলৰ পুত্ৰক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয় ।

ছাত্ৰৰ হোষ্টেল আৰু শ্ৰেণীকোঠাসমূহ অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বাৰা এক বিশেষ পুঁজিৰে চলি আছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি ৰবীন হিছচাংয়ে(management committee president Robin Hissang) ইটিভি ভাৰতক জনায় যে ,আধুনিক ব্যৱস্থাত চিবিএছইৰ সৈতে জড়িত এন চি ই আৰ টিৰ ওপৰত ভিত্তি কৰি পাঠ্যক্ৰম ভি কে ভিৰ জৰিয়তে শিকোৱা হয় । বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ইয়াৰ অংশীদাৰ । কাৰণ, ই ভিকেভিৰ সহযোগত চলি আছে ।

পৰম্পৰাগত ব্যৱস্থাত নিছি ভাষাক ব’ৰ্ড অৱ নিছি ভাষা বিকাশ আৰু প্ৰশিক্ষণৰ দ্বাৰা ফ্ৰেমৱৰ্ক কৰা পাঠ্যক্ৰম শিকোৱা হয় । নিছি ভাষা, ধ্বনিবিজ্ঞান, নিছি সংস্কৃতি, নিছি পৰম্পৰাগত জ্ঞান ব্যৱস্থা, লোককথা, পৰম্পৰাগত কলা আৰু শিল্পকলা, পৰম্পৰাগত খেল আৰু ক্ৰীড়া, নিছি দৰ্শন, বনৌষধি চিকিৎসাৰ জৰিয়তে ৰোগ নিৰাময় ব্যৱস্থা, নিছি জপ ব্যৱস্থা, ধনু বিদ্যা, প্ৰাৰ্থনা আদি শিকোৱা হয় বিদ্যালয়খনত ।

বিদ্যালয়খনৰ আৰ্হি স্থানীয় পৰম্পৰাগত আৰু এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত পূব কামেং জিলাৰ সদৰ চেপাৰ ৰং গাৱঁত অৱস্থিত । বৰ্তমান এজন অধ্যক্ষ, ২ জন নিছি ভাষা শিক্ষক, ৩ জন বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক আৰু অন্যান্য কৰ্মচাৰীয়ে কাম কৰি আছে । ড’নি প’লো কালচাৰেল এণ্ড চেৰিটেবল ট্ৰাষ্টৰ চেয়াৰমেন কাটুং বাঘে নেতৃত্বত বিদ্যালয়খন চলি আছে বুলি পৰিচালনা কমিটিৰ চেয়াৰমেন হিচাংয়ে জানিবলৈ দিয়ে ।

ড’নি প’লো এই নামটোৱে অৰুণাচল প্ৰদেশৰ সূৰ্য মানে ‘ড’নি’ আৰু চন্দ্ৰ ‘প’লো’ৰ প্ৰতি যুগ যুগ ধৰি প্ৰদৰ্শন কৰি অহা থলুৱা শ্ৰদ্ধাক প্ৰতিফলিত কৰে । উল্লেখ্য যে, অৰুণাচল প্ৰদেশত মুঠ ২৬ টা জনগোষ্ঠী আৰু ১০০ টা উপ-গোষ্ঠী আছে ৷ ইয়াৰ ভিতৰত আদি, আপাটানি, বুগুনছ, হ্ৰুছছ, চিংফ', মিছিমি, মনপা, নিছি, শ্বাৰডুকপেন্স, টাগিন, খামটি, ৱাংচো, নক্টে, যোবিন, খাম্বা আৰু মেম্বা আদি প্ৰধান ।

ৰাজ্যখনত নিছি জনগোষ্ঠীৰ লোক ২০১৮বৰ্ষৰ লোকপিয়ল অনুসৰি ৪ (চাৰি) লাখ আৰু ইয়াৰ ভিতৰত পূৱ কামেং জিলাত প্ৰায় ৬৮,০০০ হাজাৰ লোকে বসবাস কৰে । ৰাজ্যখনত এনে এখন বিদ্যালয় নামনি সোৱণশিৰিৰ য়াজুলিৰ ময়ো নামৰ গাঁওত আছে বুলি হিচাংয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Gadag district farmers: 205 কিলো পিয়াঁজ বিক্ৰী কৰি মুনাফাৰ নামত কৃষকে পালে মাত্ৰ 8 টকা

Last Updated : Nov 30, 2022, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.