ETV Bharat / bharat

Sanatan Controversy: সনাতন ধৰ্মৰ বিতৰ্কৰ প্ৰত্যুত্তৰ দি ৰাষ্ট্ৰপতিৰ উদাহৰণ দিলে ষ্টেলিনে - উধায়ানিধি ষ্টেলিন

সনাতম ধৰ্মক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা নোখোজে উধায়ানিধি ষ্টেলিনে ৷ বৰঞ্চ তেওঁ সেই কথা বাৰে বাৰে ক’ব ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য ষ্টেলিনৰ ৷

Sanatan Controversy
Sanatan Controversy
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:46 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: ডি এম কে দলৰ নেতা উদয়ানিধি ষ্টেলিনে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে তেওঁ হিন্দু ধৰ্ম বিৰোধী নহয় ৷ কিন্তু সনাতন প্ৰথাৰ দৰে জাতিগতবৈষম্যৰ বিৰোধী ৷ সনাতন অনুশীলনে কিদৰে বৈষম্যৰ সৃষ্টি কৰিছে বুলি তেওঁক সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উদাহৰণ দিয়ে ৷ তেওঁ কয় যে দেশৰ ৰাষ্ট্ৰীপতিক সংসদ ভৱন মুকলিৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাছিল ৷

‘‘মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সংসদ ভৱন মুকলি কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাছিল, এয়া হৈছে বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ,’’ উদয়ানিধি ষ্টেলিনে কয় ৷ সনাতন ধৰ্মক লৈ কৰা মন্তব্যৰ বাবে তেওঁ ক্ষমা খুজিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰত্যাখান কৰে ৷

সনাতন ধৰ্মক কেৱল বিৰোধিতা কৰাই নহয়, ইয়াৰ ‘নিৰ্মূল’ কৰা উচিত বুলি ষ্টেলিনে কৰা মন্তব্যৰ পাছতেই এতিয়া তেওঁ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৷ বিভিন্ন ৰাজনৈতিক নেতাই কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া উন্নয়ন মন্ত্ৰী উদয়ানিধি ষ্টেলিনে সোমবাৰে কয় যে তেওঁ এই কথা পুনৰবাৰ দোহাৰিব ৷ কিয়নো তেওঁ কেৱল হিন্দু ধৰ্মৰ কথা কোৱা নাই, বৰঞ্চ সকলো ধৰ্ম কথা কৈছে ৷

‘‘মই এক অনুষ্ঠানত সনাতন ধৰ্মৰ কথা উল্লেখ কৰিছিলো ৷ মই যি কলো, সেই একেটা কথাকে বাৰে বাৰে পুনৰাবৃত্তি কৰিম । মই কেৱল হিন্দুসকলক নহয়, সকলো ধৰ্ম অন্তৰ্ভুক্ত কৰিছিলো । মই জাতিগত পাৰ্থক্যক গৰিহণা দিছিলো,’’ ষ্টেলিনে কয় ৷

লক্ষণীয়ভাৱে, সনাতন ধৰ্ম সন্দৰ্ভত উদয়ানিধিৰ মন্তব্যই সমগ্ৰ দেশতে ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে । কেইবাজনো বিজেপি নেতা আৰু হিন্দু পুৰোহিতে তেওঁৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে । বিজেপিয়ে এম কে ষ্টেলিনৰ পুত্ৰক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে ৷ গেৰুৱা দলৰ নেতাসকলেও উদয়ানিধিৰ মন্তব্যৰ বাবে I.N.D.I.A ক দোষাৰোপ কৰিছে ৷ মুম্বাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বৈঠকত এনে ধৰণৰ বিষয় আলোচনা কৰা হৈছিল বুলি দাবী কৰিছে বিৰোধীয়ে ৷

লগতে পঢ়ক: INDIA Row: INDIA বুলি কোৱাৰ পূৰ্বে ‘ভাৰত’ বুলি কম, ইয়াত বিতৰ্ক নাই; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.