ETV Bharat / bharat

অৰুণাচলত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ - চীনৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰৰ প্ৰতিক্ৰিয়া

চীনে অৰুণাচল প্ৰদেশৰ ভিতৰত কোনো ধৰণৰ গাঁও স্থাপন কৰা নাই বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে ৷

অৰুণাচল সীমান্তত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ

author img

By

Published : Jan 19, 2021, 5:37 PM IST

তেজপুৰ, 19 জানুৱাৰী : কালি কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগে ৷ এখন উপগ্ৰহ ছবিৰ বিষয়ে উল্লেখ কৰা প্ৰচাৰ কৰা বাতৰিটো সন্দৰ্ভত তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে এই বাতৰি সম্পূৰ্ণ মিছা বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ ৰঙা চীনে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ উজনি সোৱণশিৰীৰ জিলাৰ লেন্সি নদীৰ পাৰত নতুন জলবিদ্য়ুৎ প্ৰকল্প আৰু গাঁও নিৰ্মাণ কৰা বাতৰিক নস্যাৎ প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে ৷ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিজ্ঞপ্তিৰ বিষয়ে উল্লেখ কৰাৰ লগতে এয়া ভাৰতীয় সীমান্তৰ ভিতৰত স্থাপন কৰা প্ৰকল্প নহয় বুলি কয় প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে ৷

অৰুণাচলত চীনে আন্তঃগাঁথনি নিৰ্মাণ কৰাটো ভিত্তিহীন

ইটিভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে কয় যে, চীনা সৈন্যই ভাৰতৰ ভূমিত অধিগ্ৰহণ কৰি গাঁও স্থাপন কৰা বিষয়টো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন ৷ এনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই । যি গাঁও নিৰ্মাণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেয়া চীনৰ নিজৰ সীমাৰ ভিতৰত প্ৰস্তুত কৰিছে । তেওঁ পুনৰ কয় যে, ইতিমধ্যে এটা কথা স্পষ্টকৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে চীনে তেওঁলোকৰ সীমাত এখন গাঁও প্ৰস্তুত কৰিছে আৰু সেইয়া পৰ্যটন ক্ষেত্ৰ উন্নত কৰিবলৈ উক্ত স্থানত পৰ্যটকৰ যোগাযোগৰ বাবে ব্যৱস্থা কৰিছে ।

আনহাতে সোমাবাৰে পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱয়ে ইটিভি ভাৰতক জনাইছিল যে এইয়া কোনো নতুন নহয় ৷ 1984 চনৰ পৰা একাদিক্ৰমে অধিগ্ৰহণ কৰি বৰ্তমান অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কাৰ্য্য সাধন কৰিছিল চীনে । তেওঁ জনাইছিল যে উজনি সোৱণশিৰী জিলাৰ বিসা নামৰ ঠাইত লেন্সি নদীৰ পাৰত নিৰ্মাণ কৰিছে জলবিদ্যুৎ উৎপাদন প্ৰকল্প আৰু সমান্তৰালভাৱে নিৰ্মাণ কৰিছিল ঘাইপথ ।

অৰুণাচলত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডে

ইয়াৰ পূৰ্বে চীনে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত বুমলা পাছৰ সমীপত কেবাটাও ঘৰৰ সৈতে এখন গাঁও স্থাপন কৰাৰ তথা পোহৰলৈ আহিছিল । তাৰ পিছতে সমান্তৰালভাৱে চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভাৰতীয় সীমা অতিক্ৰম কৰি পথ নিৰ্মাণ, গাঁও স্থাপন আৰু শেহতীয়া কৈ জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ নিৰ্মাণৰ কথা সদৰী কৰে সাংসদ তাপীৰ গাৱেয়ে । তেওঁ কয় যে এই পথ নিৰ্মাণ কৰিছে পুৰণি মজা নামৰ ঠাইখন যি ভাৰতীয় সেনাৰ দখলত আছিল যদিও বৰ্তমান সেয়া চীনা সেনাৰ অধীনত বুলি তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ্য যে, 1959 চনৰ পিচৰে পৰাই উক্ত অঞ্চল চীনৰ দখলত আছে ৷ দৰাচলতে নক্সা আৰু মানচিত্ৰত এইটো অঞ্চল ভাৰতীয় সীমাৰ ভিতৰত যদিও সেয়া প্ৰকৃততে চীনে দখল কৰি আছে ৷ চীনে উক্ত অঞ্চলত স্থাপন কৰা এইসমূহ গাঁৱক "Xiokang Village" বুলি জনা যায় আৰু চীনৰ "Govern the Nation by Governing the Borders" নীতিৰ অধীনত এইসমূহ গাঁও স্থাপন কৰিছে ৷ এয়া উত্তৰ-পশ্চিম সীমান্তৰ পাকিস্তান অধ্যুষিত কাশ্মীৰৰ দৰে একেই ৷ যিদৰে পাকিস্তান অধ্যুষিত কাশ্মীৰ মানচিত্ৰত ভাৰতৰ ভিতৰত দেখুওৱা হয় কিন্তু তাৰ নিয়ন্ত্ৰণ পাকিস্তানৰ হাতত আছে, একেদৰেই এইটো অঞ্চলটো মানচিত্ৰত ভাৰতৰ ভিতৰত আছে কিন্তু ইয়াক 1959 চনৰ পৰাই নিয়ন্ত্ৰণ কৰি আহিছে চীনে ৷

চীনৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰৰ প্ৰতিক্ৰিয়া

পাণ্ডে য়ে জনায় যে 1959 চনৰ পিচৰে পৰাই প্ৰকৃত নিয়ন্ত্ৰণৰেখা বৰ্তমান "মেক মোহন লাইন", সিপাৰে চীনে তেওঁলোকৰ আন্তঃগাঁথনি বনাইছে আৰু এই খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি জানিব দিয়ে । উল্লেখযোগ্য যে সেনাৰ এক উচ্চস্তৰৰ সূত্ৰয়ো এই বাতৰিক নস্যাৎ কৰিছে ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.