ETV Bharat / bharat

Nipah Virus : নতুনকৈ নিপাহ পজিটিভ ৰোগী ধৰা পৰা নাই, ৬১ টা নেগেটিভ ফলাফল; কেৰালা চৰকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 6:28 PM IST

কেৰালা চৰকাৰে জনোৱা মতে, ১৬ ছেপ্টেম্বৰৰ পিছত ৰাজ্যখনত নতুনকৈ নিপাহ পজিটিভ ৰোগী ধৰা পৰা নাই ৷ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে সাংবাদিকৰ আগত কয় যে ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ দ্বিতীয় ঢৌ যে নাই সেয়া নিশ্চিত কৰিবলৈ জেন’মিক ছিকুৱেন্সিঙৰ ফলাফল সন্ধিয়া বা কাইলৈৰ ভিতৰত উপলব্ধ হ’ব ৷

No new positive case of Nipah
নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : সোমবাৰে কেৰালা চৰকাৰে জনোৱা মতে, ১৬ ছেপ্টেম্বৰৰ পিছত ৰাজ্যখনত নতুনকৈ নিপাহ পজিটিভ ৰোগী ধৰা পৰা নাই আৰু হাই ৰিস্ক কন্টেক্ট তালিকাত থকা আৰু ৬১ জন লোকৰ নমুনা নিগেটিভ পোৱা গৈছে ৷

ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে সাংবাদিকৰ আগত কয় যে ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ দ্বিতীয় ঢৌ যে নাই সেয়া নিশ্চিত কৰিবলৈ জেন’মিক ছিকুৱেন্সিঙৰ ফলাফল সন্ধিয়া বা কাইলৈৰ ভিতৰত উপলব্ধ হ’ব ৷ লগতে কেন্দ্ৰীয় দলসমূহ উপস্থিত হৈ সকলো সংশ্লিষ্ট স্থানৰ জৰীপ চলাইছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ আজি হয়তো এটা দল ঘূৰি যাব পাৰে বুলিও কয় তেওঁ ৷ যোৱা ১৫ ছেপ্টেম্বৰত ৰাজ্যখনত শেষবাৰৰ বাবে নিপাহ পজিটিভ ৰোগীৰ ৰিপৰ্ট পোৱা গৈছিল ৷ দেওবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ৷ জৰ্জে লগতে জনায় যে এজন ৯ বছৰীয়া ল’ৰাকে ধৰি আক্ৰান্ত চাৰিজন লোকৰ অৱস্থা ক্ৰমে উন্নত হৈছে আৰু শিশুটিক ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হৈছে ৷

বাদুলীৰ মাজত ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰিবলৈ ৩৬ টা বাদুলীৰ নমুনা লৈ পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয় ৷ জৰ্জে আৰু কয় যে যিহেতু সকলো আক্ৰান্ত ব্যক্তি ৩০ আগষ্টত মৃত্যু হোৱা একেজন ব্যক্তিৰ পৰা এই ভাইৰাছ সোঁচৰিছিল সেয়েহে এইটো স্পষ্ট যে দ্বিতীয় ঢৌ নাই আৰু ই এক ভাল খবৰ ৷ জেন’মিক ছিকুৱেন্সিঙৰ জৰিয়তে ইয়াক প্ৰমাণ কৰিব পৰা যাব আৰু যিটো সম্পন্ন কৰা হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে সন্ধিয়ালৈকে ১,২৩৩ টা কনটেক্টৰ সন্ধান পোৱা গৈছে আৰু ইয়াৰে ৩৫২ জন হাই ৰিস্ক শ্ৰেণীত আছে বুলি কয় তেওঁ ৷

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে যিহেতু নতুনকৈ নিপাহ পজিটিভ ধৰা পৰা নাই, সেয়েহে শেষৰ পজিটিভ ৰোগী ধৰা পৰাৰ ৪২ দিনলৈকে কণ্টেইনমেণ্ট আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা থাকিব ৷ ভাইৰাছৰ ইনকিউবেচন পিৰিয়ড ২১ দিন আৰু সেয়েহে, শেষৰজন পজিটিভ ৰোগী ধৰা পৰাৰ ৪২ দিনৰ ডাবল ইনকিউবেচন পিৰিয়ডক সাৱধানতা অৱলম্বন কৰিবলগীয়া সময় বুলি গণ্য কৰা হয় বুলি জৰ্জে উল্লেখ কৰে ৷

ৰাজ্যখনত নিপাহ সংক্ৰমিত হোৱা মুঠ ৰোগীৰ সংখ্যা ৬ জন, ইয়াৰে দুজন লোকৰ মৃত্যু হৈছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে ৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু আইচিএমআৰৰ অধ্যয়নত দেখা গৈছে যে কেৱল কোজিকোডেই নহয়, সমগ্ৰ ৰাজ্যখনতেই এই সংক্ৰমণৰ সম্ভাৱনা অতি প্ৰৱল ৷

লগতে পঢ়ক : Depression: ৯০ শতাংশ লোকৰ ক্ষেত্ৰত দেখা যায় ডিপ্ৰেছনৰ এইসমূহ লক্ষণ, আপুনিও নেকি ইয়াৰ ভুক্তভোগী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.