ETV Bharat / bharat

লালন সিঙৰ পদত্যাগৰ পাছত নীতিশ কুমাৰৰ হাতলৈ জনতা দল (ইউনাইটেড)ৰ কমাণ্ড

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 3:37 PM IST

দিল্লীত চলি থকা কাৰ্যনিৰ্বাহক সভাত লালন সিঙৰ পদত্যাগৰ প্ৰস্তাৱ গৃহীত (Lalan Singh quits)। লগে লগে নীতিশ কুমাৰৰ ওপৰত দলৰ দায়িত্ব । লালন সিঙেও সভাপতি পদৰ বাবে নীতিশ কুমাৰৰ নাম প্ৰস্তাৱ কৰে ।

Nitish Kumar takes over as JDU President
লালন সিঙৰ পদত্যাগৰ পাছত নীতিশ কুমাৰে ল'ব দলৰ কমাণ্ড

নেশ্যনেল ডেস্ক,২৯ ডিচেম্বৰ : জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ ত্যাগ কৰিলে লালন সিঙে । দীৰ্ঘদিন ধৰি লালন সিঙৰ পদত্যাগক লৈ চৰ্চা চলি থকাৰ মাজতে এই কথা অৱশেষত নিশ্চিত হ'ল । ২০২৩ চনৰ অন্তিম সময়খিনিত দেশৰ ৰাজনীতিত এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে । দিল্লীত জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত লালন সিঙে ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । সূত্ৰৰ মতে লালন সিঙে নিজেই পদত্যাগৰ প্ৰস্তাৱ দিছে ।

লালন সিঙে পদত্যাগ কৰাৰ পিচতে বিহাৰৰ মন্ত্ৰী বিজয় কুমাৰ চৌধুৰীয়ে কয় যে নীতিশ কুমাৰ হ'ব দলৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি । ৰাষ্ট্ৰীয় পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ'ব । যদি বৈঠকত এই প্ৰস্তাৱটো অনুমোদিত হয়, তেন্তে স্বাভাৱিকতে নীতিশ কুমাৰ হ'ব ৰাষ্ট্ৰীয় সভাপতি । একে সময়তে, কেচি ত্যাগীয়ে কৈছে যে সম্পূৰ্ণ তথ্য ৫ বজাৰ এখন সংবাদমেলত প্ৰকাশ কৰা হ'ব ।

বিহাৰৰ মন্ত্ৰী তথা জেডিইউৰ নেতা বিজয় কুমাৰ চৌধুৰীয়ে কয় যে লালন সিঙে নিজেই কৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বেও তেওঁ পদটো গ্ৰহণ কৰিছিল । কিন্তু এতিয়া তেওঁ নিৰ্বাচনৰ বাবে নিৰন্তৰ ৰাজ্যৰ বাহিৰত থাকিব লাগিব । সেয়েহে তেওঁ মুখ্যমন্ত্ৰীক এই পদগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

ইফালে যোৱা কেইবাদিনো ধৰি লালন সিঙৰ পদত্যাগৰ ওপৰত চৰ্চা চলিছিল । অৱশ্যে দলৰ নেতাসকলে এই সন্দৰ্ভত মুকলিকৈ কোনো কথা কোৱা নাছিল । লালন সিঙে নিজেও পদত্যাগৰ কথা অস্বীকাৰ কৰিছিল আৰু সংবাদ মাধ্যমৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল । কিন্তু এতিয়া দিল্লীত চলি থকা জেডিইউ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত লালন সিঙে নিজেই পদত্যাগৰ প্ৰস্তাৱ দিছে ।

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে নীতিশ কুমাৰক পাটনাত লালন সিঙৰ পদত্যাগৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল । সেই সময়ত নীতিশ কুমাৰে এই বিষয়ে এক অপ্ৰত্যাশিত উত্তৰ দিছিল । ইফালে লালন সিঙৰ পদত্যাগৰ লগে লগে নীতিশ কুমাৰে দলটোৰ কমাণ্ড গ্ৰহণ কৰিব । বৈঠকৰ সময়ত লালন সিঙে সভাপতি পদৰ বাবে নীতিশ কুমাৰৰ নাম প্ৰস্তাৱ কৰে ।

লগতে পঢ়ক :এতিয়াৰে পৰা মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰূপে জনাজাত হ’ব অযোধ্যা বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.