ETV Bharat / bharat

ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ বাবে ১৩০০ কোটি টকাৰ পুঁজি ঘোষণা নিৰ্মলা সীতাৰমণৰ - Nirmala Sitharaman announcement

তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত নিজৰ ভেঁটি সুদৃঢ় কৰাৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে বিজেপিয়েও যুগুত কৰিছে ৰণনীতি । শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) । প্ৰথম দিনটোতে মন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকে বসতি কৰা অঞ্চলৰ উন্নয়নৰ বাবে আগবঢ়ালে পুঁজি ।

Nirmala Sitharaman announced Rs 1300 crore package for tribals
ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ বাবে ১৩০০ কোটি টকাৰ পুঁজি ঘোষণা নিৰ্মলা সীতাৰমণৰre package for tribals
author img

By

Published : Aug 28, 2021, 5:01 PM IST

নেশ্যনেল ডেস্ক, ২৮ আগষ্ট : দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পিছত বহু দিন দৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ত্ৰিপুৰাত উপস্থিত হোৱা নাছিল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথম দিনটোতে জনজাতীয় লোকে বসতি কৰা অঞ্চলৰ উন্নয়নৰ বাবে আগবঢ়ালে পুঁজি । ত্ৰিপুৰাৰ পৰা ২৫ কিলোমিটাৰ দূৰত মোহনপুৰত অনুষ্ঠিত এখন সভাত অংশ লৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, এসপ্তাহৰ পৰা দহ দিনৰ ভিতৰত ১,৩০০ কোটি টকা ব্য়য়েৰে বহনক্ষম জীৱিকা আৰু আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যেৰে আৰম্ভ কৰিবলগীয়া এই প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰে অনুমোদন জনাব ।

প্ৰকল্পটো কেৱল ৰাজ্যখনৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ৰূপায়ণ কৰা হ'ব । তেওঁ কয় যে, ৰাজ্যখনৰ জনসংখ্যাৰ আধা অংশই অনুসূচীত জাতি আৰু জনজাতিৰ আৰু চৰকাৰে এই লোকসকলৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা লোৱা উচিত । ১,৩০০ কোটি টকাৰ প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিব বুলি তেওঁ জানিবলৈ দিয়ে । কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁক জানিব পাৰিছে যে, ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকলে যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ।

ত্ৰিপুৰাত জনজাতীয় লোকসকলৰ বাবে ১৩০০ কোটি টকাৰ পুঁজি ঘোষণা নিৰ্মলা সীতাৰমণৰre package for tribals

কিয়নো, বহু অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগী পথ নাই । তদুপৰি, বিদ্যালয়ৰ অভাৱৰ আৰু আন বহু মৌলিক সুবিধা উক্ত অঞ্চলৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হোৱা নাই । জৰুৰীকালীন পৰিস্থিতিত মানুহে সংযোগী পথ নথকাৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হয় ।

ইয়াৰ উপৰিও,এই অঞ্চলত থকা লোকসকলে জীৱিকা নিৰ্বাহৰো বাবেও সু-ব্যৱস্থা কৰা হোৱা নাই । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২১ কোটি টকাৰ আৰু দুটা প্ৰকল্পৰ কথাও ঘোষণা কৰে । এই প্ৰকল্পৰ বাবে চৰকাৰে ১৪ কোটি টকা অনুমোদন দিছে । এটা আগৰতলা স্মাৰ্ট চিটিৰ সৈতে সম্পৰ্কিত বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ।

প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে মহিলাসকলৰ প্ৰচেষ্টাক সন্মান জনাব বিচাৰে । তেওঁ যেতিয়াই নতুন আঁচনি গ্ৰহণ কৰে তেতিয়াই তেওঁ সদায় মহিলাসকলক অগ্ৰাধিকাৰ দিব বিচাৰে । উজ্জ্বলা যোজনা আৰু জল জীৱন মিছন আদি ইয়াৰ উদাহৰণ ।

ইয়াৰ পূৰ্বে নিৰ্মলা সীতাৰমণে ডিজিটেল মাধ্যমেৰে ১৫১ কোটি টকাৰ ১১ টা নতুন প্ৰকল্প উদ্বোধন কৰে । প্ৰকল্পবোৰৰ ভিতৰত আছে- এটা ১৩২ কেভি শক্তি কেন্দ্ৰ, 80,000 কাৰ্যকৰী ঘৰুৱা টেপ, আৰআইডিএফৰ অধীনত সাতটা প্ৰকল্প । লগতে তেওঁ এছপিএ আৰু ধৰা পৃষ্ঠৰ পানী শোধন প্ৰকল্পও তেওঁ উদ্বোধন কৰে ।

লগতে পঢ়ক:আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.