নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ : উত্তৰ প্ৰদেশৰ বাৰাবাঁকীৰ ৰাজপথত ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱতিলে ৯ জন লোকে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেৱান আৰক্ষী থানাৰ অন্তৰ্গত বাবুৰী গাঁৱৰ ওচৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত ২৭ জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।
দিল্লীৰ পৰা বাহৰাইচলৈ গৈ থকা অৱস্থাতে যাত্ৰীবাহী বাছখন দুৰ্ঘটনাত পতিত হয় । বাছখনত ৬০ গৰাকী যাত্ৰী আছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে আহতসকলক ততাতৈয়াকৈ সমীপৰ চিকিৎসালয়লৈ নিয়া হয় । শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।
লগতে নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে । ইফালে, এই ভয়াৱহ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক:মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ