নিউজ ডেস্ক, ২ আগষ্ট : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতে পঞ্জাবৰ ৬ জন গেংষ্টাৰ তথা সন্ত্ৰাসবাদীক পলাতক ঘোষণা কৰিছে । তেওঁলোক হৈছে অৰ্শদীপ সিং ওৰফে আৰ্শ দাল্লা, হৰবিন্দৰ সিং সান্ধু ওৰফে ৰিন্দা, লাখবীৰ সিং সান্ধু ওৰফে লাণ্ডা, ৰমণদীপ সিং ওৰফে ৰমণ জাজ, লাখবীৰ সিং ৰোডে আৰু ৱাধৱা সিং বাব্বৰ । তথ্য অনুসৰি, এই সন্ত্ৰাসবাদীকেইজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰ্দেশনা অনুসৰি কাম কৰে ।
উল্লেখ্য যে NIA-ই ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়ত সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত আৰু বিদেশত থকা এই গেংষ্টাৰকেইজনৰ বিৰুদ্ধে যোৱা বছৰ গোচৰ ৰুজু কৰিছিল । তদন্তৰ সময়ত NIA-ই তথ্য লাভ কৰে যে পঞ্জাবৰ এই ৬ জন গেংষ্টাৰে সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । লগতে অনুসন্ধানত প্ৰকাশ পায় যে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক, আইইডি লাভ কৰিছে আৰু যুৱক-যুৱতীসকলক দেশবিৰোধী কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি পঞ্জাব আৰু দেশৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদ বৃদ্ধিৰ বাবে কাম কৰি আছে ।
তথ্য অনুসৰি, এই ৬ জন পলাতক সন্ত্ৰাসবাদী বিদেশত লুকাই আছে । তাৰ পৰাই তেওঁলোকে ভাৰতলৈ ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে । উল্লেখ্য যে, হৰবিন্দৰ সিং সান্ধু ওৰফে ৰিন্দা, লাখবীৰ সিং ৰোডে আৰু ৱাধৱা সিং বাব্বৰ পাকিস্তানত লুকাই আছে । আৰ্শদীপ দাল্লা আৰু আনসকল কানাডা আৰু ইংলেণ্ডত লুকাই আছে । তেওঁলোক আটাইকেইজনৰে ভাৰতৰ নিষিদ্ধ সংগঠন খালিস্তান লিবাৰেচন ফ'ৰ্চ, বাব্বৰ খালচা ইণ্টাৰনেচনেল, আন্তৰ্জাতিক শিখ যুৱ ফেডাৰেচন, শিখ ফৰ জাষ্টিচৰ সৈতে সম্পৰ্ক আছে ।
সন্ত্ৰাসবাদী হৰবিন্দৰ ৰিন্দা পঞ্জাবৰ তৰ্ণ তৰণৰ বাসিন্দা । তাৰ পৰা ৰিন্দা মহাৰাষ্ট্ৰলৈ যায় । হত্যাৰ গোচৰত ২০১১ চনৰ ছেপ্টেম্বৰত তেওঁক আজীৱন কাৰাদণ্ড দিয়া হয় । কেইবাটাও অপৰাধমূলক গোচৰত নাম থকাৰ পিছত ৰিন্দা নেপাল হৈ ভুৱা পাছপোৰ্টেৰে পাকিস্তানলৈ পলাই যায় । ৰিন্দা নিষিদ্ধ খালিস্তানী সংগঠন বাব্বৰ খালচা ইণ্টাৰনেচনেলৰ সদস্য আছিল । যোৱা বছৰৰ মে' মাহত মোহালিৰ পঞ্জাব আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত ৰকেট প্ৰপেলেড গ্ৰেনেড (আৰপিজি) আক্ৰমণত তেওঁৰ নাম জড়িত হৈ পৰিছিল ।
আনহাতে, ২০২২ চনৰ মে' মাহত হাৰিয়ানাৰ এখন বাহনৰ পৰা অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা ঘটনাৰ আঁৰত আছিল ৰিন্দা । ইয়াৰ লগতে পঞ্জাবৰ ফৰিদকোটত ডেৰা প্ৰেমিক প্ৰদীপ সিঙৰ হত্যাৰ ঘটনাতো ৰিন্দাৰ নাম জড়িত হৈছিল । ২০১৫ চনত বৰগাৰী ব্লাচফেমি গোচৰৰ অভিযুক্ত প্ৰদীপ সিঙক গুলীয়াই হত্যা কৰা হৈছিল । এই ঘটনাত দিল্লী আৰক্ষীৰ বিশেষ কোষে ধৰা ৩ জন শ্বুটাৰে ৰিন্দাৰ নাম লৈছিল ।
সিদ্ধু মুছেৱালা হত্যাকাণ্ড আৰু মোহালি আৰপিজি আক্ৰমণতো ৰিন্দাৰ নাম জড়িত আছিল । চোৰাংচোৱা সংস্থাৰ হাতত থকা তথ্য অনুসৰি, বৃক্ক বিকল হোৱাৰ ফলত হৰবিন্দৰ সিং ৰিন্দাৰ মৃত্যু হৈছিল । কিন্তু প্ৰকৃততে তেওঁৰ মৃত্যু হৈছিলনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ইফালে গেংষ্টাৰ আৰ্শ দাল্লাক পঞ্জাব আৰক্ষীৰ ৱাণ্টেড তালিকাত আছে । আৰ্শ দাল্লাৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে । মোগাৰ বাসিন্দা আৰ্শ পঞ্জাবৰ লগতে বিদেশৰো বহু অপৰাধমূলক গোচৰত জড়িত । পঞ্জাব আৰক্ষীয়ে দাবী কৰিছে যে দাল্লা পঞ্জাবত বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত ।
একেদৰে পলাতক সন্ত্ৰাসবাদী লাখবীৰ লাণ্ডাৰ বিৰুদ্ধে NIA-ই ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে । পঞ্জাবৰ তৰ্ণ তৰণৰ বাসিন্দা লাণ্ডা বৰ্তমান কানাডাত বাস কৰি আছে । NIA-ই ২০২২ চনৰ ২০ আগষ্টত কানাডাস্থিত গেংষ্টাৰ লাখবীৰ সিং লাণ্ডাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল । ২০২২ চনত মোহালিত পঞ্জাব আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত হোৱা গ্ৰেনেড আক্ৰমণ সম্পৰ্কীয় এটা গোচৰত NIA-ই লাণ্ডাক বিচাৰি আছে ।