ETV Bharat / bharat

নৱবিবাহিত দম্পতীক মন্দিৰত প্ৰৱেশত বাধা দি আটক পুৰোহিত

author img

By

Published : Apr 25, 2022, 1:28 PM IST

অতীজৰে পৰা বিভিন্ন অঞ্চলত দলিত শ্ৰেণীক বহুলোকে দুৰ্বৱহাৰ কৰাৰ কথা আমি শুনি আহিছো ৷ প্ৰকৃততে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হোৱাৰ পিছতো কিন্তু বহু ৰাজ্যত আজিও দলিত শ্ৰেণীক সমাজত উচ্চ স্থান দিয়া নহয় ৷ এনে এক শ্ৰেণীৰ লোকক দুৰ্বৱহাৰ কৰি আটক হৈছে এজন পুৰোহিত(Priest arrested for not allowing Dalit couple in temple) ৷ এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জালোৰত ৷

Newlywed Dalit couple disallowed from Rajasthan temple, priest arrested
নৱবিবাহিত দম্পতীক মন্দিৰত প্ৰৱেশত বাধা দি আটক পুৰোহিত

নেশ্যনেল ডেস্ক, 25 এপ্ৰিল : ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ এখন দেশত ধৰ্মীয় স্থানত প্ৰৱেশত বাধা প্ৰদান কৰাতো একপ্ৰকাৰ অপৰাধ ৷ কিন্তু সেয়া হয়তো বোধগম্য নাছিল ৰাজস্থানৰ এগৰাকী পুৰোহিতৰ ৷ যাৰবাবে সম্প্ৰতি ৰাজস্থান আৰক্ষীৰ জিম্মাত এই পুৰোহিতজন ৷

ঘটনাটো মূলতঃ এনেধৰণৰ- দলিত সম্প্ৰদায়ৰ এটা নৱবিবাহিত দম্পতীক মন্দিৰত প্ৰৱেশত বাধা প্ৰদান(Newlywed Dalit couple disallowed from Rajasthan temple) কৰিছিল এগৰাকী পুৰোহিতে ৷ তাৰপিছতে ভুক্তভোগীৰ পৰিয়ালে কাষ চাপে আৰক্ষীৰ ৷ দলিত শ্ৰেণীৰ পৰিয়ালটোৱে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত পুৰোহিতজনৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতে পুৰোহিতজনক কৰায়ত্ত কৰে(Priest arrested for not allowing Dalit couple in temple) আৰক্ষীয়ে ৷

শনিবাৰে সংঘটিত এই ঘটনাটোৰ এটা ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ য'ত ভেলা ভাৰতী নামৰ পুৰোহিতজনে আহোৰ মহকুমাৰ অন্তৰ্গত নীলকান্ত গাঁৱৰ মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰত দম্পতীটোক বাধা প্ৰদান কৰিছিল ৷

ভিডিঅ'টোত মন্দিৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ বাবে দম্পতীটো আৰু পুৰোহিতজনৰ মাজত তৰ্ক-বিতৰ্ক হোৱা দেখা গৈছিল ৷ আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিতে আটক কৰে পুৰোহিতজনক ৷ দেওবাৰে এই কথা সদৰি কৰে জালোৰৰ আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন আগৰৱালাই ৷

উত্থাপিত অভিযোগ অনুসৰি, কুকা ৰামৰ নামৰ ব্যক্তিগৰাকীয়ে শনিবাৰে বৈবাহিক কাৰ্য সমাপন কৰি উপস্থিত হৈছিল নীলকান্ত গাঁৱত ৷ তাৰপিছত নৱদম্পতীটোৱে সুকলমে বিবাহকাৰ্য সম্পন্ন হোৱাৰ বাবে উক্ত মন্দিৰত এটা নাৰিকল আগবঢ়াই ইষ্টজনৰ আশীৰ্বাদ ল’ব বিচাৰিছিল ৷

কিন্তু পুৰোহিতজনে এই কাৰ্যত বাধা প্ৰদান কৰি একমাত্ৰ দলিত সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে মন্দিৰত প্ৰৱেশত বাধা প্ৰদান কৰি বাহিৰতে নাৰিকলটো দি যাবলৈ কোৱা বুলি অভিযোগ কৰে কইনাৰ ভাতৃয়ে ৷

একাংশ গাঁৱবাসীয়ে পুৰোহিতজনৰ এই কাৰ্যক সমৰ্থন আগবঢ়াই তেওঁলোকক কৈছিল যে, বিনা কাৰণত পুৰোহিতজনৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ সলনি যি কোৱা হৈছে, তাক মানি লোৱা উচিত ৷ কিন্তু ইয়াৰ পিছতো নৱবিবাহিত দম্পতীটোৰ লগতে উপস্থিত থকা আত্মীয়সকলে বহুবাৰ অনুনয়-বিননয় কৰে পুৰোহিতজনক ৷ তাৰপিছতো কিন্তু তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ নিদিয়া বুলি অভিযোগ কৰে কইনাৰ সম্পৰ্কীয় এজন ভাতৃয়ে ৷

লগতে চাওক: ত্ৰিপুৰাত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত 250টা গাহৰিক মৃত্যুদণ্ড

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.