ETV Bharat / bharat

ত্ৰিপুৰাত উপস্থিত হৈ জ্যোতিৰাদিত্য সিন্দিয়াৰ মুখত উত্তৰ-পূৱৰ উন্নয়নৰ কথা

আগৰতলাত এমবিবি বিমান বন্দৰৰ নতুন টাৰ্মিনেল (New terminal of MBB airport in Agartala ) ভৱন উদ্বোধন কৰিলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই ৷ নতুন টাৰ্মিনেলটোৱে উত্তৰ-পূৱৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিব বুলি দাবী কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সিন্দিয়াই ৷

author img

By

Published : Jan 4, 2022, 10:27 PM IST

new-terminal-of-mbb-airport-in-agartala-will-open-new-doors-of-development-of-ne-region-scindia
ত্ৰিপুৰাত উপস্থিত হৈ জ্যোতিৰাদিত্য সিন্দিয়াৰ মুখত উত্তৰ-পূৱৰ উন্নয়নৰ কথা

আগৰতলা, ৪ ডিচেম্বৰ : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া(Union Civil Aviation Minister Jyotiraditya Scindia)ই আজি ত্ৰিপুৰাত উপস্থিত হৈ কয় যে, নতুন অত্যাধুনিক টাৰ্মিনেলৰ উদ্বোধনৰ লগে লগে ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাসত আজি এক নতুন অধ্যায় যোগ কৰা হৈছে (Jyotiraditya Scindia on Tripura) ৷ ই উত্তৰ-পূৱৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিব ।

আগৰতলাত এমবিবি বিমানবন্দৰৰ নতুন টাৰ্মিনেল (New terminal of MBB airport in Agartala ) ভৱনটো উদ্বোধনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, ইণ্টিগ্ৰেটেড টাৰ্মিনেল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু সংকল্পৰ এক উদাহৰণ । তেওঁ কয়, "আজি এই নতুন অত্যাধুনিক টাৰ্মিনেলটো উদ্বোধনৰ লগে লগে ত্ৰিপুৰাৰ গৌৰৱময় ইতিহাসত এক নতুন অধ্যায় যোগ কৰা হৈছে । ইণ্টিগ্ৰেটেড টাৰ্মিনেল হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু সংকল্পৰ এক উদাহৰণ । ইয়াৰ ফলত ৰাজ্যখন আৰু সমগ্ৰ উত্তৰ-পূৱতে উন্নয়নৰ নতুন দুৱাৰ মুকলি হ'ব"।

তেওঁ পুনৰ কয় যে, ১০,০০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত আগৰতলা বিমানবন্দৰটো এতিয়া ৩০,০০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে, য’ত ত্ৰিপুৰাৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব । উল্লেখ্য যে, মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰে (Maaraja Bir Bikram Airport ) এতিয়াৰে পৰা বছৰত ১৩ লাখৰ পৰিৱৰ্তে প্ৰতি বছৰে ৩০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পাৰিব ।

লগতে পঢ়ক : SP's conference in Dibrugarh : পুৱতি নিশালৈকে চলা বৈঠকৰ পাচত পুনৰ আৰক্ষী অধীক্ষকৰে আলোচনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.