ETV Bharat / bharat

এভাৰেষ্ট অভিযানৰ বাবে নেপালৰ অভিলেখ সংখ্যক অনুমতি

author img

By

Published : Apr 25, 2021, 5:43 PM IST

নেপালৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে শুকুৰবাৰলৈকে এভাৰেষ্ট অভিযানৰ বাবে অভিলেখ সংখ্যক ৩৯৪ টা অনুমতি প্ৰদান কৰিছে । মাউণ্ট এভাৰেষ্টৰ সমীপত যান-জঁটৰ কঠোৰ নিৰীক্ষণৰ মাজতে নেপাল চৰকাৰে এই পদক্ষেপ লৈ আহিছে ।

এভাৰেষ্ট অভিযানৰ বাবে নেপালৰ অভিলেখ সংখ্যক অনুমতি
এভাৰেষ্ট অভিযানৰ বাবে নেপালৰ অভিলেখ সংখ্যক অনুমতি

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : বিশ্বত কৰ'ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ মাজতো অব্যাহত আছে এভাৰেষ্ট অভিযান । এই বছৰ সৰ্বোচ্চ শৃংগ অভিযানৰ বাবে অভিলেখ সংখ্যক লোকক অনুমতি দিছে নেপাল চৰকাৰে । নেপালৰ পৰ্যটন বিভাগৰ সঞ্চালক মীৰা আচাৰ্যৰ মতে এতিয়ালৈ এই অভিযানৰ বাবে নেপালে ৩৯৪ টা অভিযানকাৰী দলক অনুমতি প্ৰদান কৰিছে ।

উল্লেখ্য যে পৰ্যটন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ২০১৯ চনত ৩৮১ টা অনুমতি প্ৰদান কৰিছিল । নেপাল চৰকাৰৰ এই পদক্ষেপ মাউণ্ট এভাৰেষ্টৰ সমীপত যান-জঁটৰ প্ৰতি তীব্ৰ নিৰীক্ষণ ৰাখিছে । এভাৰেষ্টৰ সংশোধিত উচ্চতা হৈছে ৮৮৪৮.৮৬ মিটাৰ । অৱশ্যে এভাৰেষ্টত যান-জঁটৰ কোনো তথ্য নাই বুলি অৱগত কৰে সঞ্চালক মীৰা আচাৰ্যই ।

কাঠমাণ্ডুৰ ছেভেন ছামিট ট্ৰেকছৰ অধ্যক্ষ মিংমা শ্বেৰ্পাৰ মতে মাউণ্ট এভাৰেষ্টলৈ আন্তৰ্জাতিক পৰ্বতাৰোহীসকলৰ উৎসাহে এভাৰেষ্টৰ প্ৰতি তেওঁলোকৰ বৰ্ধিত আবেগ আৰু প্ৰেমক দেখুৱাইছে । ই নিশ্চিতভাৱে কৰ'ণাৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা নেপালৰ পৰ্যটন বিভাগক যথেষ্ট পৰিমাণে সহায় কৰিব বুলিও মন্তব্য কৰে ।

ইফালে নেপালে এভাৰেষ্ট অভিযানৰ পৰা উপাৰ্জন কৰা ধনৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে । এগৰাকী বিদেশী পৰ্বতাৰোহীয়ে মাউণ্ট এভাৰেষ্ট আৰোহণৰ অনুমতি পোৱাৰ বাবে ১১ হাজাৰ আমেৰিকান ডলাৰ পৰিশোধ কৰিব লাগে ।

এই সপ্তাহতে এভাৰেষ্ট বেচ কেম্পত ক'ভিড-১৯ ৰ প্ৰথম ঘটনা পোহৰলৈ আহিছে । নেপালে চৰকাৰেও জোৰ দিছে যাতে এভাৰেষ্ট বেচ কেম্পলৈ যোৱাৰ পূৰ্বে ভ্ৰমণকাৰী পৰ্বতাৰোহীসকলক কোৱাৰেণ্টাইন কৰা হয় । নেপালত এতিয়ালৈকে ২ লাখ ৯৭ হাজাৰ ৮৭ টা ক'ভিড-১৯ ৰ ঘটনা পোহৰলৈ আহিছে আৰু তাৰ ভিতৰত ৩,১৩৬ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: ২৮ এপ্ৰিলৰ পৰা ক’ভিডৰ টীকাকৰণৰ পঞ্জীয়ন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.