ETV Bharat / bharat

Sharad Pawar health condition : শৰদ পাৱাৰক বিশ্ৰাম লোৱাৰ পৰামৰ্শ চিকিৎসকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 11:20 AM IST

দীপাৱলী উপলক্ষে শৰদ পাৱাৰে তেওঁৰ পৰিয়ালৰ সৈতে বাৰামতীত আছে । পুনে ভ্ৰমণৰ মাজতে এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত শৰদ পাৱাৰে অসুস্থ অনুভৱ কৰে । স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়ে ।

Sharad Pawar health condition
শৰদ পাৱাৰক বিশ্ৰাম লোৱাৰ পৰামৰ্শ চিকিৎসকৰ

নেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : পুনেৰ বাৰামতীত এটা সংগঠনৰ বৈঠকত হঠাতে অসুস্থ হৈ পৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শৰদ পাৱাৰ । লগে লগে চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে । পৰীক্ষাৰ অন্তত চিকিৎসকে শৰদ পাৱাৰক বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিয়ে ।

জানিব পৰা মতে পুনেত এনচিপিৰ সভাপতি পাৱাৰে বিদ্যা প্ৰতিষ্ঠানৰ বৈঠকলৈ গৈছিল । সেই সময়ত তেওঁ কিছু অসুস্থ অনুভৱ কৰিছিল আৰু লগে লগে তেওঁক এগৰাকী চিকিৎসকে পৰীক্ষা কৰে ।

উল্লেখ্য যে শৰদ পাৱাৰে শুকুৰবাৰে নিশাই বাৰামতীলৈ ভ্ৰমণ কৰিছিল । প্ৰতি বছৰে দীপাৱালী উপলক্ষে শৰদ পাৱাৰে তেওঁৰ পৰিয়ালৰ সৈতে বাৰামতীত থাকে । তেওঁ পুৱা প্ৰায় ১০ মান বজাত গোবিন্দবাগৰ তেওঁৰ বাসগৃহৰ পৰা কৃষি উন্নয়ন ন্যাসক সাক্ষাতৰ বাবে গৈছিল । তাৰ পাছত আবেলি ৪ বজাত যেতিয়া শৰদ পাৱাৰে বিদ্যা প্ৰতিস্থানৰ এখন সভাত অংশ ল'বলৈ গৈছিল তেতিয়াই হঠাতে তেওঁ অস্বস্তি অনুভৱ কৰিছিল । তেওঁ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেক এই বিষয়ে জনাইছিল ।

কন্যা চুলেয়ে লগে লগে হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰমেশ ভোইট আৰু ডাঃ চানী চিন্দেক ফোন কৰে আৰু চিকিৎসকসকলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে । চিকিৎসক পাৱাৰৰ ইচিজি পৰীক্ষা কৰে । পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে নিৰন্তৰ কাৰ্যসূচী আৰু বিশ্ৰামৰ অভাৱৰ বাবে পাৱাৰে ভাগৰুৱা অনুভৱ কৰিছে । যাৰ বাবে চিকিৎসকে পাৱাৰক বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়ে । ইফালে চিকিৎসকৰ পৰামৰ্শৰ পাছতে শৰদ পাৱাৰৰ পুৰন্দৰ ভ্ৰমণৰ দেওবাৰৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে বিদ্যা প্ৰতিষ্ঠান সংস্থাৰ বাৰ্ষিক সাধাৰণ সভা শুকুৰবাৰে ভিআইটি বাৰামতীত অনুষ্ঠিত হৈছিল । বিদ্যা প্ৰতিস্থানৰ সভাপতি শৰদ পাৱাৰে এই সভাত উপস্থিত আছিল । অৱশ্যে, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ এই বৈঠকত অনুপস্থিত আছিল । এই বৈঠকত অশোক প্ৰভুনে, সাংসদ সুপ্ৰিয়া চুলে, প্ৰতাপ পাৱাৰ, যোগেন্দ্ৰ পাৱাৰ, সুনেত্ৰা পাৱাৰ আৰু অন্যান্য ট্ৰাষ্টীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Telugu Actor Chandra Mohan passes away : ৮২ বছৰ বয়সত মৃত্যু অভিনেতা চন্দ্ৰ মোহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.