ETV Bharat / bharat

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

author img

By

Published : Sep 1, 2021, 11:28 AM IST

পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যে প্ৰতি বছৰৰ 1 ছেপ্তেম্বৰৰ পৰা সাতদিনীয়াকৈ দেশত পালন কৰা হয় পৰিপুষ্টি অথবা পোষণ সপ্তাহ ৷ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কাৰণে পুষ্টিহীনতা এক প্ৰধান সমস্যা হিচাপে পৰিচিত হৈছে ৷ ইয়াক দূৰ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী পালন কৰা হয় ৷

national nutrition week
আজি ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ দিৱস

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ : পুষ্টি হৈছে সু-স্বাস্থ্য আৰু ভাল জীৱন যাপনৰ মূল চাবি-কাঠি । আমাক সুস্থ, সবল আৰু শক্তিশালী মনৰ অধিকাৰী হোৱাত পুষ্টিৰ এক অনন্য ভূমিকা আছে । স্বাস্থ্যৱান শিশুৱে তুলনামূলকভাৱে ভালদৰে শিকিব পাৰে । পৰ্যাপ্ত পুষ্টি থকা লোকসকল তুলনামূলকভাৱে অধিক সৃষ্টিশীল হয় ।

national nutrition week
আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "পুষ্টি হৈছে শৰীৰৰ খাদ্যৰ প্ৰয়োজনীয়তা অনুসৰি খাদ্য গ্ৰহণ কৰা"। পুষ্টিকৰ খাদ্যৰ অভাৱ আৰু অসন্তুলিত খাদ্য গ্ৰহণৰ ফলত পুষ্টিহীনতাই দেখা দিয়ে । অপুষ্টিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে, দুৰ্বলতা বৃদ্ধি কৰে, শাৰীৰিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে আৰু যিকোনো প্ৰকাৰৰ উৎপাদন ক্ষমতা হ্ৰাস কৰিব পাৰে ।

national nutrition week
একাংশ পুষ্টিকৰ খাদ্য

ভাৰতৰ দৰে উন্নয়নশীল দেশৰ কাৰণে পুষ্টিহীনতা এক প্ৰধান সমস্যা ৷ পুষ্টিহীনতাই মানৱ স্বাস্থ্য আৰু প্ৰগতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । ই ৰাষ্ট্ৰীয় উৎপাদন ক্ষমতা হ্ৰাস কৰে । ভাৰতত পুষ্টিহীনতাৰ ফলত গড়ে তিনিটা শিশুৰ ভিতৰত এটা শিশু মৃত্যুমুখত পৰে ।

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ
আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ সপ্তাহ

সচৰাচৰ কোৱা এষাৰ কথা হৈছে "আপুনি কি বা আপুনি কেনে ধৰণৰ হয়, সেয়া আপুনি কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে । দৈনন্দিন শাৰীৰিক কাৰ্য আৰু পুষ্টিকৰ খাদ্যৰ সংমিশ্ৰণে আপোনাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি গঢ়ি তুলিব পাৰে ।

national nutrition week
দেশৰ পৰিপুষ্টিৰ পৰিমাণ

লগতে পঢ়ক : scrub typhus কি আৰু কিদৰে কৰিব ইয়াৰ প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.