ETV Bharat / bharat

National Mathematics Day : ত্ৰিপুৰাত ৰাষ্ট্ৰীয় গণিত দিৱসত বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ

author img

By

Published : Dec 23, 2021, 12:46 PM IST

ত্ৰিপুৰাৰ আগৰতলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় (National Mathematics Day celebrated in Tripura)। দিৱসত উপস্থিত থাকি দেশৰ বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ গণিতৰ জ্ঞান প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে । তেওঁৰ মতে শিক্ষাৰ্থীসকলক গণিতৰ প্ৰতি উৎসাহিত কৰাৰ লগতে অধিক প্ৰশিক্ষণৰ প্ৰয়োজন ।

National Mathematics Day
ত্ৰিপুৰাত ৰাষ্ট্ৰীয় গণিত দিৱসত বিশিষ্ট গণিতজ্ঞ ড০ আনন্দ কুমাৰ

আগৰতলা, ২৩ ডিচেম্বৰ : বিশ্ববিখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম জয়ন্তী উপলক্ষে ত্ৰিপুৰাৰ আগৰতলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় (National Mathematics Day organized in Tripura)। দিৱসত উপস্থিত থাকে দেশৰ বিশিষ্ট গণিতজ্ঞ ড৹ আনন্দ কুমাৰ (Mathematician Anand Kumar at National Mathematics Day)। অনুষ্ঠানৰ ভাষণত শিক্ষাৰ্থীসকলৰ বাবে গণিতৰ জ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে ড৹ আনন্দ কুমাৰে ।

তেওঁ উল্লেখ কৰা মতে, গাণিতিক মানসিকতাৰ বিকাশৰ বাবে শিক্ষাৰ্থীসকলক গণিতৰ প্ৰতি উৎসাহিত কৰাৰ লগতে অধিক প্ৰশিক্ষণৰ প্ৰয়োজন । আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ ভৱিষ্যৎ ৷ সেয়ে তেওঁলোকৰ পৰাই পৰৱৰ্তী সময়ত দিনত গণিতজ্ঞৰ সৃষ্টি হ’ব । অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট গণিত বিশেষজ্ঞ আনন্দ কুমাৰে কয় যে গণিতৰ ক্ষেত্ৰত ৰামানুজনৰ অৱদান অপৰিহাৰ্য বুলি সকলোৱে জানে ।

কিন্তু চুপাৰ ৩০ অংকটোৰ জৰিয়তে তেওঁ বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল । ত্ৰিপুৰা চৰকাৰেও এই চুপাৰ ৩০ কাৰ্যসূচীৰ আয়োজন কৰিবলৈ বিশেষ আগ্ৰহ দেখুৱাইছে । ইয়াৰ বাবে প্ৰয়োজন এগৰাকী দক্ষ শিক্ষকৰ । তেওঁৰ প্ৰশ্ন শিক্ষাৰ্থীসকলক গণিত শিকোৱাৰ বাবে কোনে গোটেই জীৱন দিব পাৰিব ?

ছাত্ৰ-ছাত্ৰীসকলক গণিতৰ জ্ঞান দিয়াৰ উদ্দেশ্যে তেওঁ ৰাজ্য চৰকাৰক ত্ৰিপুৰাত এটা গণিত ক্লাব স্থাপন কৰিবলৈও অনুৰোধ জনায় । তেওঁ লগতে কয় যে বৰ্তমান পশ্চিম জিলাৰ অন্তৰ্গত আগৰতলা আৰু গোমতী জিলাৰ উদয়পুৰত বিজ্ঞান কেন্দ্ৰ আছে । ভৱিষ্যতে ৰাজ্যখনৰ আৰু ৬ খন জিলাত বিজ্ঞান কেন্দ্ৰ স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে ।

উল্লেখ্য যে ত্ৰিপুৰা ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ পৰিষদ আৰু ডিএছটিৰ সহযোগত আগৰতলাৰ সুকান্ত একাডেমীৰ প্ৰেক্ষাগৃহত এই ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰা হয় । দেশৰ বিশিষ্ট বিজ্ঞানী আৰু গণিতজ্ঞসহ বিশিষ্ট ব্যক্তিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানটোত ইছৰোৰ (ISRO) বিজ্ঞানী জয়ন্ত যোশী, অল ইণ্ডিয়া ৰামানুজন মেথছ ক্লাবৰ দিল্লীস্থিত ৰাষ্ট্ৰীয় সম্পাদক ৰাজেশ কুমাৰ ঠাকুৰ আৰু বেংগালুৰুস্থিত সঞ্চালক বি এন ৰাও, ৰামানুজন অমৃত ভাৰত যাত্ৰাৰ সহ-আহ্বায়ক মেহুল হৰচোলা আৰু ৰাজ্যিক আহ্বায়ক ব্ৰজেশ দীক্ষিত উপস্থিত থাকে । ইয়াৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Nagaland killings: নাগালেণ্ডৰ টিজিতত কন্যাক ইউনিয়নৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.