ETV Bharat / bharat

প্ৰেমৰ অভিনয়েৰে কিশোৰীক হত্যা কৰি ওলোমালে গছত

কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈছে(Murder after sexual abuse with minor)৷এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাণীঝৰত ৷

murder-after-sexual-abuse-with-minor-in-dumka
প্ৰেমৰ অভিনয়েৰে কিশোৰীক যৌন শোষণ, হত্যা কৰি ওলোমালে গছত
author img

By

Published : Sep 3, 2022, 8:48 PM IST

নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ: প্ৰেমৰ নামত কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰি গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈছে(Murder after sexual abuse with minor)ঝাৰখণ্ডৰ ৰাণীঝৰত ৷

ডুমকা জিলাৰ ৰাণীঝৰৰ এগৰাকী কিশোৰীয়ে প্ৰতিদিনে দৈনিক হাজিৰা কৰিবলৈ ৰাণীঝৰলৈ অহা যোৱা কৰিছিল ৷ এনেদৰে অহা যোৱা কৰোতেই এটা ৰাজমিস্ত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে কিশোৰীগৰাকীৰ ৷ তাৰ পিছতেই ৰাজমিস্ত্ৰীটোৱে প্ৰেমৰ গইনা লৈ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে ৷

শেহতীয়াকৈ কিশোৰীগৰাকী গৰ্ভৱতী হোৱা বুলি গম পায় প্ৰেমিকৰূপী ৰাজমিস্ত্ৰীটোৱে ৷ তাৰ পিছতেই এদিন কামলৈ অনা নিয়াৰ সুযোগ লৈ ৰাজমিস্ত্ৰীটোৱে কিশোৰীগৰাকীক হত্যা কৰি এডাল গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷

প্ৰথম পৰ্যায়ত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি এই ঘটনাক আত্মহত্যা বুলি ভাবিছিল যদিও মৰোণোত্তৰ পৰীক্ষাৰ ফলাফলত ফাদিল হয় প্ৰকৃত তথ্য ৷ মৰোণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকী গৰ্ভৱতী বুলি ওলাই পৰে ৷ লগে লগে আৰক্ষীয়ে কিশোৰীগৰাকীৰ ঘৰৰ লোকক মাতি পঠায় ৷

ইতিমধ্যে আৰক্ষীয়ে ৰাজমিস্ত্ৰীটোক গ্ৰেপ্তাৰ কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ অভিযুক্তটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি 376, 302 আৰু পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: খাৰুপেটীয়াত পত্নীক এচিডেৰে আক্ৰমণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.