নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: মুম্বাইত অব্যাহত আছে ড্ৰাগছৰ এক অবাধ বেহা । শেহতীয়াকৈ নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' চমুকৈ এন চি বিয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া মহম্মদ বিলাল ওৰফে টেলৱালাক । ড্ৰাগছ মাফিয়া বিলালৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে এন চি বিয়ে । ড্ৰাগছ মাফিয়া আৰিফ ভূজৱালাৰ মোবাইল ফোনৰ তথ্যৰ ভিত্তিত এন চি বিয়ে বিলালৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ জাৰি কৰে ।
বিগত কিছুদিনে মুম্বাইত ড্ৰাগছৰ অবাধ বেহাই ভয়ংকৰ ৰূপ ধাৰণ কৰি উঠাৰ সময়তে এন চি বিয়ে জানুৱাৰী মাহত ড্ৰাগছ মাফিয়া আৰিফ ভূজৱালাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ভূজৱালাৰ গ্ৰেপ্তাৰৰ পাচত কেতবোৰ তথ্য পোহৰলৈ অহাত মহম্মদ বিলালকো এন চি বিয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, মহিলাৰ বেশ ধৰি বিলালে আন্তৰ্জাতিক পৰ্যায়তো ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল ।
কিছুদিন পূৰ্বে এন চি বিয়ে ডংগ্ৰীত অভিযান চলাৱাত ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল আৰিফে । আৰিফ ভূজৱালাৰ ডাউদ ইব্ৰাহিমৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক থকাৰ লগতে বছৰি ৩০০ কোটি টকাৰ ড্ৰাগছ চিণ্ডিকেট চলাই অহা মাষ্টাৰমাইণ্ড আৰিফ ভূজৱালাই ডুবাইত এক বৃহৎ ঘাটি নিৰ্মাণ কৰি এই বেহা চলাই আহিছিল । বিগত পাঁচ বছৰত আৰিফে ১০ কোটি টকাৰ সম্পত্তিৰ লগতে বিলাসী গাড়ী, চাৰিটা ফ্লেট আৰু দুখন অত্যাধুনিক বিলাসী দোকান ক্ৰয় কৰিছিল বুলি জানিবলৈ দিয়ে এন চি বিৰ এগৰাকী বিষয়াই ।
সম্প্ৰতি এন চি বিয়ে জেৰা অব্যাহত ৰাখিছে । আৰিফৰ স্বীকাৰোক্তিত কেতবোৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে এন চি বিয়ে ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত ত্ৰিপুৰাৰ যুৱক