ETV Bharat / bharat

Indian punctuality: 100 কি.মি. দূৰলৈ প্ৰেৰণ কৰা মানি অৰ্ডাৰ পাবলৈ সময় লাগিল 4 বছৰ

author img

By

Published : Dec 2, 2022, 2:25 PM IST

মাত্ৰ 100 কি.মি. দূৰলৈ প্ৰেৰণ কৰা এখন মানি অৰ্ডাৰ পাবলৈ কিমান দিন লাগিল সেয়া জানিলে আচৰিত হ’ব আপুনি (Money order reaches four years after) ৷ ওড়িশাৰ এটা ঘটনা এতিয়া চৰ্চিত হৈ পৰিছে সৰ্বত্ৰে ৷ জ্যেষ্ঠ ভাতৃয়ে প্ৰেৰণ কৰা মানি অৰ্ডাৰ ভগ্নীয়ে লাভ কৰিলে 4বছৰৰ পিছত ৷

Money order reaches four years after
Money order reaches four years after

নিউজ ডেস্ক, 2 ডিচেম্বৰ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ যুগত কিমান উন্নত হৈছে আমাৰ দেশ ভাৰতবৰ্ষ ! দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দাবী কৰাৰ দৰে সঁচাই ডিজিটেল হ’ল নেকি ভাৰতবৰ্ষ (Modis Digital India)! ৰাইজৰ সমস্যা আৰু সময়ৰ প্ৰতি কিমান সচেতন ভাৰতৰ চৰকাৰী ব্যৱস্থা ! কিন্তু কিয় উত্থাপন হৈছে এই সমূহ প্ৰশ্নৰ ? তাৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰো ৷ কাৰণ ওড়িশাৰ এটা ঘটনা এতিয়া চৰ্চিত সৰ্বত্ৰে ৷

ওড়িশা ৰৌড়কেল্লাত 100 কিলোমিটাৰ দূৰত্বলৈ প্ৰেৰণ কৰা এখন মানি অৰ্ডাৰ পাবলৈ সময় লাগিল 4 বছৰ (Money order took 4 years to reach 100km )৷ উল্লেখ্য যে, ৰৌড়কেল্লোৰ প্ৰমোদ প্ৰধান নামৰ ব্যক্তিগৰাকীয়ে 4বছৰ পূৰ্বেই তেওঁৰ ভগ্নীলৈ ডাক যোগে প্ৰেৰণ কৰিছিল এখন মানি অৰ্ডাৰ (Money order sent to sister for savitri vrat) ৷ 4বছৰ পূৰ্বে অৰ্থাৎ 2019চনত প্ৰমোদ প্ৰধানে প্ৰেৰণ কৰিছিল মানি অৰ্ডাৰখন ৷

কিন্তু লক্ষণীয় কথাটো হ’ল যে, মানি অৰ্ডাৰখন গন্তব্য স্থান পাবলৈ সময় লাগিল চাৰিটাকৈ বছৰ ৷ যি ঘটনাই এতিয়া আচৰিত কৰি তুলিছে সকলোকে ৷ ডাক বিভাগৰ কৰ্ম-কাণ্ডই চকু কপালত তুলিছে দেশবাসীৰ ৷

2019চনত এই মানি অৰ্ডাৰখন প্ৰেৰণ কৰা হৈছিল যদিও সময় বাগৰাৰ লগে লগে পাহৰি পেলাইছিল প্ৰমোদ প্ৰধান আৰু তেওঁৰ ভগ্নীয়ে ৷ কিন্তু, চলিত বৰ্ষৰ 26 নৱেম্বৰ তাৰিখে 500 টকাৰ মানি অৰ্ডাৰখন লাভ কৰিলে প্ৰমোদ প্ৰধানৰ ভগ্নী সুমিত্ৰা বিশৱালে ৷ ইয়াৰ পিছতেই বিষয়টোৱে লাভ কৰিছে ব্যাপক চৰ্চা ৷ লগতে প্ৰশ্ন উত্থাপন হৈছে ডাক বিভাগৰ দ্বায়বদ্ধতাক লৈ ৷ এই ঘটনাৰ পিছতেই ডাক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ হৈছিল ETV Bharat ৰ ৷ ৰৌড়কেল্লা ডাক কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকাৰ লগতে দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢ়ক: Story of another mountain man: 8 বছৰত 1500 ফুট উচ্চতাত থকা মন্দিৰলৈকে সাজিলে 400 টা খটখটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.