চিটাৰা ডেস্ক, 25 এপ্ৰিল: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেওবাৰে আগবঢ়োৱা হয় কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ স্মৃতিত প্ৰথমবাৰলৈ প্ৰদান কৰা লতা দীননাথ মংগেশকাৰ বঁটা(Lata Deenanath Mangeshkar Award)। বঁটা লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷ প্ৰধানমন্ত্ৰীয়ে লতা দিদিৰ কৰ্মৰাজি দেশবাসীৰ বাবেই উৎসৰ্গিত আছিল বুলি উল্লেখ কৰি তেওঁৰ বঁটাটো দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷
মুম্বাইৰ মাতুঙ্গাৰ শান্তমুখানন্দ থিয়েটাৰত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল মাষ্টাৰ দীননাথ মংগেশকাৰ স্মাৰক সমাৰোহ । এই অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰ স্মৃতিত প্ৰদান কৰা হৈছিল এই বঁটা । প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহাৰ বাবে লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানটোৰ বাবে দেওবাৰে কাশ্মীৰৰ পৰা পোনে পোনে আহি মুম্বাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোডী ।
লতা মংগেশকাৰ বঁটা ১১ এপ্ৰিলত ঘোষণা কৰা হৈছিল । মাষ্টাৰ দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান চেৰিটেবল ট্ৰাষ্টে(Master Deenanath Mangeshkar Smruti Pratishthan Charitable Trust) হৈ এক বিবৃতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীলৈ লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো বঁটাটো আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয় । ট্ৰাষ্টে কৈছিল যে আমাৰ দেশ, ইয়াৰ জনসাধাৰণ আৰু সমাজলৈ অগ্ৰণী, পথপ্ৰদৰ্শক, দৰ্শনীয় আৰু অনুকৰণীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হ'ব ।
এই বঁটা গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে, তেওঁ সংগীতৰ দৰে গভীৰ কলাৰ বিষয়ে অৱগত নহয় । মোদীয়ে লগতে কয় যে, "সাংস্কৃতিকভাৱে, মই অনুভৱ কৰোঁ যে সংগীত হৈছে এক অনুশীলন আৰু এক অনুভৱ । সুপ্ত হৈ থকা শব্দবোৰ প্ৰকাশ কৰাৰ ই এক মাধ্যম । সংগীতে মানৱ চেতনাক আৱেগেৰে ভৰাই তোলে । আপুনি নিথৰ হৈ বহি থকা অৱস্থাতো সংগীতৰ সুৰে আপোনাক আৱেগিক কৰি তুলিব পাৰে ।
তেওঁ আৰু কয় যে, সংগীতৰ সুৰে আপোনাক নিৰ্লিপ্ততাৰ অনুভূতি দিব পাৰে । সংগীতে জীৱনক বীৰত্বপূৰ্ণ ৰসেৰে ভৰাই তোলে । সংগীতে মাতৃ আৰু মাতৃত্বৰ উদ্দীপনা দিয়ে । সংগীতে মানুহৰ মনত দেশপ্ৰেম আৰু কৰ্তব্যপৰায়ণতা সৃষ্টি কৰে । লতা মংগেশকাৰৰ বাবেই আমি বাস্তৱত সংগীতৰ এই সমস্ত শক্তি দেখিছো । মই তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো । তেওঁ কৈছিল যে মংগেশকাৰ পৰিয়ালৰ প্ৰতিটো প্ৰজন্মই সংগীত সাধনাত নিজৰ জীৱন উৎসৰ্গা কৰিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত লতা দিদিক স্মৰণ কৰি আৱেগিক হৈ পৰিছিল । তেওঁ কৈছিল যে লতা দিদিয়ে এগৰাকী ডাঙৰ ভগ্নী হিচাপে যথেষ্ট মৰম দিছিল । ইয়াতকৈ জীৱনৰ বাবে অধিক মহত্বপূৰ্ণ কি হ'ব পাৰে ? মই এই বঁটা জনসাধাৰণক উৎসৰ্গা কৰিছো । লতা দিদি জনতাৰ ভগ্নী আছিল । সেয়েহে, এই বঁটা জনসাধাৰণৰ নামতেই উৎসৰ্গিত । লতা দিদি এগৰাকী সুৰ সম্ৰাজ্ঞীৰ হোৱাৰ লগতে মোৰ বাবে ডাঙৰ ভগ্নী আছিল ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডী আৰু লতা দিদি অতি ঘনিষ্ঠ আছিল ৷ লতা দিদিৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মোডী মুম্বাইলৈ আহিছিল ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে, মই সদায় তেওঁৰ পৰা ভাতৃৰ দৰে অপৰিসীম মৰম পাইছিলো । মোৰ জীৱনত ইয়াতকৈ ডাঙৰ সৌভাগ্য কি হ'ব পাৰে ৷ এতিয়াৰে পৰা ৰাখী পূৰ্ণিমাত দিদি নাথাকিব, ই মোৰ বাবে অতি দুৰ্ভাগ্যজনক । লতা দিদিৰ নামত এটা বঁটা লাভ কৰাটো মোৰ বাবে এক সৌভাগ্যৰ বিষয় । এই বঁটা গ্ৰহণ কৰাটো মোৰ দায়িত্ব ।
প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কয় যে মংগেশকাৰ পৰিয়ালত প্ৰজন্মৰ পিছত প্ৰজন্মই সংগীত সাধনাত নিজকে সমৰ্পণ কৰি আহিছে ৷ মই লতা দিদিক বহুত সন্মান কৰো । মংগেশকাৰ পৰিয়ালৰ লোকে সদায় কৈছিল যে এজন মানুহ তেওঁৰ বয়সৰ দ্বাৰা ডাঙৰ নহয়, কামৰ দ্বাৰাহে ডাঙৰ হয় । তেওঁ দেশৰ বাবে যিমানে বেছি কৰে, সিমানেই ডাঙৰ হয় ।
লগতে পঢ়ক: Assamese girl in beauty pageant contest: ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ জীয়ৰী