নিউজ ডেস্ক, 24 জুলাই: বলীউড আৰু টলীউড দুয়োখন বিশাল ছবিজগততে সফলতা লাভ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ৷ তেওঁ আছিল ৮০ৰ দশকৰ ছুপাৰষ্টাৰ ৷ কিন্তু নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী ৷
মসৃণ নাছিল মিথুন চক্ৰৱৰ্তীৰ সফলতা অৰ্জনৰ পথ ৷ খ্যাতি অৰ্জনৰ সুযোগ সন্ধানৰ সময়ত বহুবাৰ প্ৰত্যাখ্যান কৰা হৈছিল অভিনেতাগৰাকীক ৷ এনে এটা সময়ৰ মুখামুখিও হৈছিল অভিনেতাগৰাকী, যাৰ বাবে আত্মহত্যাৰ কথাও ভাবিবলৈ বাধ্য হৈছিল (Mithun Chakraborty thought of committing suicide)৷ কিন্তু তাৰ পিছত তেওঁ নিজকে এজন ‘যোদ্ধা’ হিচাবে আৱিস্কাৰ কৰে আৰু বুজি উঠে যে তেও ‘হাৰিব নাজানে’ ।
১৯৭৯ চনৰ হিট ছবি সুৰক্ষাৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল মিথুন চক্ৰৱৰ্তীয়ে । ইয়াৰ পাছতে ডিস্কো ডান্সাৰ, সহস, ৱাৰ্ডত, ৱাণ্টেড, বক্সাৰ, প্যাৰ ঝুকতা নাহি, প্যাৰি বেহনা, অবিনাশ, ডান্স ডান্স, প্ৰেম প্ৰতিজ্ঞা, মুজৰিম, অগ্নিপথ, যুগন্ধৰ, দ্য ডন, জল্লাদ আৰু অগ্নিপাথ আদি ছবিত অভিনয় কৰিছিল । তদুপৰি মৃগয়া (১৯৭৬), তাহাদেৰ কথা (১৯৯২) আৰু স্বামী বিবেকানন্দ (১৯৯৮)ত অভিনয় কৰি তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ।
কেৰিয়াৰ গঢ়ি তোলাৰ পূৰ্বে অভিনেতাগৰাকী কঠিন সময়ৰ মাজেৰে পাৰ হৈছিল যাৰ বাবে তেওঁ নিজৰ লক্ষ্যত উপনীত হোৱাৰ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল (Mithun Chakraborty on his struggling days)। এক সাক্ষাতকাৰত ৭২ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে, তেওঁ আনকি আত্মহত্যা কৰাৰ কথাও ভাবিছিল ৷ যিহেতু সেই সময়ত তেওঁ কলকাতালৈ উভতি যোৱাৰ বাবেও সম্ভৱপৰ নাছিল ।
অভিনেতাগৰাকীয়ে কয় যে তেওঁ নিজৰ সংগ্ৰামৰ দিনৰ কথা কোৱাৰ পৰা বিৰত থাকে, যিহেতু এই কথাই বলীউডত খোপনি পোতাৰ বাবে সংগ্ৰাম কৰি থকা আন শিল্পীসকলক হতাশ কৰিব পাৰে । অভিনেতাগৰাকীয়ে কয়, "সকলোৱে সংগ্ৰামৰ মাজেৰে পাৰ হয়, কিন্তু মই যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ মাজতে ভাবিছিলোঁ যে, মই মোৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম ৷ কিছু কাৰণত কলকাতালৈও উভতি যাব পৰা নাছিলোঁ । ফলত আত্মহত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । কিন্তু পাছত মই ভাবিলোঁ যে, যুঁজ নকৰাকৈ নিজৰ জীৱনটো শেষ কৰাৰ কথা ভাবিব নালাগে । মই এজন জন্মগত যুঁজাৰু আৰু মই কেনেকৈ পৰাস্ত হ'ব লাগে সেয়া নাজানিছিলোঁ । আৰু, চাওক মই এতিয়া ক'ত আছো ।"
লগতে পঢ়ক: Blackpink Jennie in HBO series: অভিনয়ত আত্মপ্ৰকাশ কৰিবলৈ সাজু ব্লেকপিংকৰ জেনী