ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

শুকুৰবাৰে জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ পুলৱামা জিলাৰ খ্ৰিও পাম্পোৰ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত এটা সন্ত্ৰাসবাদী ধৰাশায়ী হয় । অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে সংঘৰ্ষ ।

Militant killed in encounter at Khrew Pampore
জম্মু কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত
author img

By

Published : Aug 20, 2021, 1:56 PM IST

নেশ্যনেল ডেস্ক, ২০ আগষ্ট : জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ পুলৱামা জিলাৰ খ্ৰিও পাম্পোৰত নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ গ'ল এটা সন্ত্ৰাসবাদীৰ । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই এণ্টাকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে । লগতে কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অঞ্চলটোত বৰ্তমানেও গুলীয়াগুলি অব্যাহত আছে । ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে সন্ধিয়া শ্ৰীনগৰৰ ছৰাফ কাদালস্থিত আৰক্ষী আৰু চি আৰ পি এফৰ তালাচী চকীলৈ লক্ষ্য কৰি অচিনাক্ত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড নিক্ষেপ কৰে ।

এই ঘটনাত দুজন আৰক্ষী জোৱান আৰু এজন সাধাৰণ নাগৰিক আহত হয় । আনহাতে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ Apni Partyৰ (Jammu and Kashmir Apni Party) নেতা গোলাম হাছান লোন(Ghulam Hassan Lone)ক কুলগামৰ দেৱচাৰস্থিত তেওঁৰ বাসগৃহৰ বাহিৰতে গুলীয়াই হত্যা কৰা হৈছিল । এই আক্ৰমণত গোলাম হাছান লোন গুৰুতৰভাৱে আহত হয় আৰু কিছু সময়ৰ পিছত তেওঁৰ মৃত্যু হয় । বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে ।

Militant killed in encounter at Khrew Pampore
জম্মু কাশ্মীৰৰ খ্ৰিও পাম্পোৰত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

একেখন জিলাতে সন্ত্ৰাসবাদীৰ গুলীত এজন বিজেপি নেতা নিহত হোৱাৰ কেইদিনমান পিছতে এই আক্ৰমণ সংঘটিত হয় । জম্মু-কাশ্মীৰ Apni Partyৰ মুৰব্বী আলতাফ আহমেদ বুখাৰীয়ে এই ঘটনাক বৰ্বৰ আখ্যা দিছে ।

লগতে জন কল্যাণৰ বাবে কাম কৰা ৰাজনৈতিক কৰ্মীৰ হত্যাকাণ্ডক লৈ গভীৰ শোক প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ অপনি পাৰ্টীয়ে টুইটযোগে দলটোৰ নেতা গোলাম হাছান লোনৰ ওপৰত কৰা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে । ১৭ আগষ্টত, হোমেচালিবুগ সমষ্টিৰ বিজেপিৰ সভাপতি জাভেদ আহমেদ দাৰক জিলাখনৰ ব্ৰাজলু অঞ্চলত তেওঁৰ ঘৰৰ বাহিৰতে সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰে ।

আনহাতে, ৯ আগষ্টত ৰেডৱানী অঞ্চলৰ বিজেপিৰ চৰপঞ্চ গোলাম ৰছুল দাৰ আৰু তেওঁৰ পত্নীকো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে । ৰাজৌৰী জিলাৰ বিজেপি নেতা জছবীৰ সিঙৰ ঘৰতো গ্ৰেণেড নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত এটি শিশুৰ মৃত্যু হয় আৰু আন ছয়জন লোক আহত হয় ।

লগতে পঢ়ক:OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.