ETV Bharat / bharat

Nashik accident : নাছিকত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By

Published : Jan 13, 2023, 2:29 PM IST

নাছিকৰ ঈশানেশ্বৰ মন্দিৰৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা (Accident at Nashik)। ১০ গৰাকী লোকৰ মৃত্যুৰ লগতে কেইবাজনো আহত । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শোক প্ৰকাশ । মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ ।

Nashik accident
নাছিকত বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ১০ গৰাকী যাত্ৰীৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Tragic accident at Nashik)। এখন ব্যক্তিগত যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰায় ১০ গৰাকী লোকৰ মৃত্যু হয় (Luxury bus and truck collision)। দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক উদ্ধাৰ কৰি ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

দেশৰ ভিন্ন প্ৰান্তত শীত আৰু কুঁৱলীৰ ফলত পথ দুৰ্ঘটনা হোৱা দেখা গৈছে । এইবাৰ মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হ'ল শোকাৱহ পথ দুৰ্ঘটনা । বিখ্যাত ঈশানেশ্বৰ মন্দিৰৰ তোৰণৰ সমীপতে এখন ব্যক্তিগত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও বাছখনৰ প্ৰায়বোৰ যাত্ৰীয়ে আহত হোৱাৰ খবৰ পোৱা গৈছে (10 deaths in Truck Bus accident Near Pathare)।

দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ হৈছে MH-04-SK-2751 । বাছখনত ৫০ গৰাকী যাত্ৰী আছিল । জানিব পৰা মতে মুম্বাইৰ পৰা শিৰডী অভিমুখে গৈ আছিল বাছখন । তেনেতে শিৰডীৰ পৰা চিন্না অভিমুখে গৈ থকা MH-48-T-1295 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাছখনৰ । দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ পথটো বন্ধ হৈ পৰিছে । যাৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ।

মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰে আৰু হাস্পতাললৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাটোক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই শোক প্ৰকাশ কৰিছে (Maharashtra CM expressed grief over accident)। লগতে প্ৰতিগৰাকীৰ মৃতকৰ আত্মীয়লৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰিছে । ইয়াৰোপৰি আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলিও ঘোষণা কৰিছে ।

আহতসকলক অতি শীঘ্ৰে উন্নত চিকিৎসাৰ বাবে নাছিক আৰু শিৰডীলৈ স্থানান্তৰ কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । দুৰ্ঘটনাটো সন্দৰ্ভত এক তদন্তৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক :IED blast in Jharkhand: ঝাৰখণ্ডত 24 ঘণ্টাৰ ভিতৰত দুটাকৈ আই ই ডি বিস্ফোৰণ, নজন জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.