ETV Bharat / bharat

Meghalaya Assembly elections result: মেঘালয়ৰ মচনদত কোন বহিব ? সকলোৰে দৃষ্টি কনৰাড চাংমাৰ ওপৰত !

author img

By

Published : Mar 1, 2023, 10:50 PM IST

বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ সন্ধিয়াৰ ভিতৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলে চৰকাৰ গঠন আৰু নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে প্ৰায় দুসপ্তাহ সময় পাব (Meghalaya Assembly elections result)। কোন হ’ব মেঘালয়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? সেয়া জানিবলৈ মাত্ৰ কেইটামান ক্ষণ বাকী ?

Meghalaya Assembly elections result
মেঘালয়ৰ মচনদত কোন বহিব

নিউজ ডেস্ক, 1 মাৰ্চ: বৃহস্পতিবাৰে উত্তৰ-পূবৰ নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে মেঘালয়তো অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ ইয়াৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যাপক আয়োজন কৰা দেখা গৈছে ৷ ৰাজ্যখনৰ 60 টা সমষ্টিৰ ভোটগণনাৰ বাবে স্থাপন কৰা হৈছে 13 টা ভোট গণনা কেন্দ্ৰ ৷ যোৱা 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল মেঘালয় বিধানসভাৰ নিৰ্বাচন ৷ ভোট গণনা যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে (Meghalaya Assembly elections result) ৷

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, ভোটগ্ৰহণ সংস্থাটোৱে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) সমূহ থকা ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ বাবে বৃহৎ সংখ্যক কৰ্মী নিয়োগ কৰিছে ৷ 11 টা বিধানসভা সমষ্টি থকা পশ্চিম গাৰো পাহাৰ জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । পশ্চিম গাৰো পাহাৰ জিলাৰ ডাকোপগ্ৰে অঞ্চলত গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে (Meghalaya election result)।

ভোট গণনা কেন্দ্ৰসমূহত নিৰাপত্তাৰ ব্যৱস্থাৰ উপৰিও সমগ্ৰ মেঘালয়ত ভোট গণনা প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে পাৰ হয় তাৰবাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কেন্দ্ৰীয় নিৰ্বাচন স্পষ্ট কৰি দিছে যে, গণনা প্ৰক্ৰিয়াৰ সময়ত কোনো ধৰণৰ হিংসা বা অভাৱনীয় আচৰণ সহ্য কৰা নহ’ব । মেঘালয়ৰ দক্ষিণ পশ্চিম খাচি পাহাৰৰ আৰক্ষী অধীক্ষকে ভোট গণনাৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে (Meghalaya Assembly elections counting) ।

বৃহস্পতিবাৰৰ দিনা যাতায়ত নিয়ন্ত্ৰণ কৰা হ’ব আৰু মাউকিৰৱাটৰ পৰা অহা বাহনসমূহক লাড ছাকৱাঙৰ পৰা পিণ্ডেনছাকৱাং-ছাকৱাং হৈ জাক্ৰেমলৈ যাবলৈ দিয়া কৰা হ’ব । লাড ছাকৱাঙৰ পৰা উপায়ুক্তৰ কাৰ্যলয়লৈ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব ৷ জাক্ৰেমৰ পৰা মাউকিৰৱাট অভিমুখে যোৱা বাহনসমূহক জাক্ৰেমৰ পৰা লাইটমাউছিয়াঙলৈ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ৷ যাৰ বাবে লাড মাউথাউপদাহৰ পৰা ছাকৱাং-পিণ্ডেনছাকৱাং হৈ মাউকিৰৱাটলৈ যাবলৈ দিয়া কৰা হ’ব (Meghalaya assembly poll updates)।

লগতে পঢ়ক: Security Arrangements for Election Results : ৩ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা

এন পি পিৰ মুৰবী কনৰাড কে চাংমাই দক্ষিণ তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ য’ত তেওঁ উগ্ৰপন্থীৰ পৰা ৰাজনৈতিক নেতালৈ পৰিণত হোৱা বিজেপি নেতা বাৰ্নাৰ্ড মাৰাকৰ সৈতে যুঁজ দিছে । বিৰোধী দলপতি তথা টিএমচিৰ নেতা মুকুল চাংমাই দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তেওঁ ছংছাক আৰু টিক্ৰিকিল্লাৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে তেওঁৰ পত্নী ডি ডি শ্বিৰাও নিৰ্বাচনত নামিছে (Meghalaya poll counting) ৷

দশম মেঘালয় বিধানসভাৰ কাৰ্যকাল 2023 চনৰ 15 মাৰ্চত শেষ হ'ব । আজি সন্ধিয়াৰ ভিতৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব বুলি নিৰ্ধাৰণ কৰাৰ লগে লগে বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলে চৰকাৰ গঠন আৰু নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিবলৈ প্ৰায় দুসপ্তাহ সময় পাব (Meghalaya Assembly poll results) ।

নিৰ্বাচন আয়োগে পৰ্যবেক্ষক, ৰিটাৰ্ণিং অফিচাৰ আৰু ৰাজনৈতিক দলৰ এজেণ্টৰ উপস্থিতিত তদন্ত চলাইছে আৰু কোনো বিতৰ্কৰ বিষয় উত্থাপন হোৱা নাই । ইয়াৰ দ্বাৰা নির্বাচনী প্রক্রিয়া সুচাৰুৰূপে চলি থকাৰ লগতে ফলাফলত মেঘালয়বাসীৰ ইচ্ছাৰ প্রকৃত প্রতিফলন হ’ব বুলি আশ্বস্ত হ’ব পৰা যায় ৷

মেঘালয় বিধানসভা নিৰ্বাচনত আকৰ্ষণীয় ভোটদানৰ হাৰ দেখা যায় ৷ 85.17 শতাংশ ভোটাৰে নিজৰ মত সাব্যস্ত কৰে 27 ফেব্ৰুৱাৰীৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত । 2018 চনৰ নিৰ্বাচনত ভোটাৰৰ হাৰ 75.57 শতাংশৰ তুলনাত এয়া অধিক বুলি পৰিগণিত হৈছে । ভোটদানৰ হাৰ অধিক হোৱা বিষয়টোৱে মেঘালয়ৰ জনসাধাৰণৰ মাজত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা সজাগতা আৰু উৎসাহৰ ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: Tripura Assembly election result: ত্ৰিপুৰাত 2018ৰ পুনৰাবৃত্তি ঘটাব পাৰিব নে বিজেপিয়ে; কিং মেকাৰ হ’ব নেকি টিপ্ৰা মঠা ?

ভোটগণনা সন্দৰ্ভত সমগ্ৰ দেশৰ ৰাজনৈতিক দল আৰু পৰ্যবেক্ষকে তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ কিয়নো এই ফলাফলে মেঘালয়ৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাব । নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে, ন্যায্য আৰু স্বচ্ছ গণনা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ আগন্তুক পাঁচ বছৰলৈ তেওঁলোকৰ ৰাজ্য কোনে শাসন কৰিব সেয়া এতিয়া মেঘালয়ৰ জনসাধাৰণে দিয়া জনাদেশৰ ওপৰত নিৰ্ভৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.