ETV Bharat / bharat

Manish Sisodia: পুনৰ পাঁচ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ মনীষ চিছোদিয়াক

ইডিয়ে শুকুৰবাৰে দিল্লী সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰে । লগতে সংস্থাটোৱে চিছোদিয়াক অতিৰিক্ত ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে ৷ আদালতে ইডিৰ আবেদন গ্ৰহণ কৰি ৫ দিনৰ বাবে পুনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে চিছোদিয়াক (Manish sisodiya Ed remand exicise policy scam) ৷

ED remand up Manish Sisodia
Manish sisodiya Ed remand exicise policy scam
author img

By

Published : Mar 17, 2023, 7:26 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ অতিৰিক্ত পাঁচ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ জিম্মাত থাকিব চিছোদিয়া ৷ দিল্লী সুৰা নীতিৰ মানি লণ্ডাৰিঙৰ গোচৰত ইডিয়ে সোধা-পোচা কৰি আছে আপৰ নেতাগৰাকীক ৷ অৱশ্যে আদালতে চিছোদিয়াক পৰিয়ালৰ খৰচৰ বাবদ 40 হাজাৰ টকা আৰু পত্নীৰ চিকিৎসা ব্যয়ৰ বাবদ 45 হাজাৰ টকাৰ চেকত চহী কৰাৰ অনুমতি দিয়ে ৷ পূৰ্বৰ জিম্মাৰ ম্যাদ শেষ হোৱাত শুকুৰবাৰে চিছোদিয়াক হাজিৰ কৰোৱা হয় ৰাউজ এভিনিউ আদালতত (Manish Sisodia ED remand extended) ৷

ইডিয়ে এই গোচৰ সন্দৰ্ভত আদালতত নতুন তথ্য দাখিল কৰি অতিৰিক্ত ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল চিছোদিয়াক ৷ তদন্তকাৰী সংস্থাটোৱে কয় যে, জেৰাৰ সময়ত চিছোদিয়াই গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকক দিছে ৷ ইতিপূৰ্বে ইডিয়ে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ আপৰ মন্ত্ৰীগৰাকীক একে গোচৰত চিবিআয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা তেওঁ তিহাৰ কাৰাগাৰত আছিল (ED remand up Manish Sisodia) ৷

লগতে পঢ়ক: CBI books Sisodia : চিছোদিয়াৰ বিৰুদ্ধে আন এক গোচৰ

ইয়াৰ পূৰ্বে ইডিয়ে চিছোদিয়াক যোৱা সপ্তাহত ৰাউজ এভিনিউ আদালতত হাজিৰ কৰি তেওঁক জিম্মাত বিচাৰিছিল । ইয়াৰ ফলত চিছোদিয়াৰ জামিনৰ আশাত চেঁচা পানী পৰে ৷ জামিন আবেদন গোচৰৰ শুনানি পৰৱৰ্তী দিনলৈ পিছুৱাই দিবলগীয়া হয় (Manish Sisodia latest news)।

প্ৰৱৰ্তন সঞ্চালকালয়ে সুৰা নীতিৰ গোচৰত পূৰ্বে 13 হাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছিল আৰু এই গোচৰত 11 জনক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে 4 জনক, ইয়াৰে 3 জনে অৱশ্যে জামিন লাভ কৰিছে ৷ কিন্তু ইডিয়ে গ্ৰেপ্তাৰ কৰা কোনো এজনেই বৰ্তমানলৈকে জামিন লাভ কৰা নাই ৷ চিছোদিয়াৰ পূৰ্বে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ আপ চৰকাৰৰ আন এজন মন্ত্ৰী সত্যেন্দৰ জৈনক (Delhi liquor scam) ৷

বৃহস্পতিবাৰে চিবিআয়ে চিছোদিয়াক পুনৰ এটা নতুন গোচৰত গ্ৰেপ্তাৰ কৰে ৷ এই গোচৰক আখ্যা দিয়া হয় ‘‘Political Snooping’’ ৷ চিবিআয়ে অভিযোগ কৰিছে যে, চিছোদিয়াই তেওঁৰ দলৰ প্ৰয়োজনীয়তা অনুসৰি দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফবিইউ) ব্যৱহাৰ কৰি তেওঁৰ চৰকাৰী পদৰ অপপ্ৰয়োগ কৰিছিল (CBI arrests Manish Sisodia)।

চিবিআয়ে আই আৰ এছ বিষয়া সুকেশ কুমাৰ জৈনকো আটক কৰিছে, যি ভিজিলেঞ্চৰ সচিব হিচাপে কৰ্মৰত আছিল ৷ লগতে চিআইএছএফৰ অৱসৰপ্ৰাপ্ত ডিআইজি ৰাকেশ কুমাৰ সিনহাকো একে গোচৰত আটক কৰিছে ৷ সিনহা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ পৰাৰ্শদাতা তথা ফিডবেক ইউনিটৰ যুটীয়া সঞ্চালক আছিল ৷ চিছোদিয়াৰ পুনৰ গ্ৰেপ্তাৰে আপ আৰু গেৰুৱা দলটোৰ মাজত জ্বলি থকা ক্ষোভৰ জুইকুৰাত যেন ঘিউ ঢালিলে ৷

লগতে পঢ়ক: Poster war in Telangana: নিজামৰ দেশত সন্ধানহীন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ

চিছোদিয়াক পুনৰ গ্ৰেপ্তাৰৰ পাচত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিছোদিয়াক দীৰ্ঘসময়লৈ কাৰাবন্দী কৰি ৰখাৰ বাবে কেইবাটাও ভুৱা গোচৰ জাপি দিয়াৰ পৰিকল্পনা কৰিছে ৷ একেটা বিষয়ত দিল্লী বিজেপিৰ কাৰ্যকৰী সভাপতি বিৰেন্দ্ৰ সচদেৱাই কয় যে, চিবিআয়ে ৰাজদ্ৰোহৰ দৃষ্টিকোণৰ পৰা এই বিষয়ত তদন্ত কৰিব ৷ তেওঁ লগতে কয় যে, এই কাৰ্যত কোনো বিদেশী শক্তি জড়িত আছে নেকি সেয়াও তদন্ত কৰা উচিত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.