ETV Bharat / bharat

Manipur election 2022 phase 1 : আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Feb 28, 2022, 7:36 AM IST

মণিপুৰৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (Manipur election 2022 phase 1) সোমবাৰে অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত ১৭৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ যাৰ ভিতৰত ১৫ গৰাকী মহিলা (Manipur election 2022 phase 1) প্ৰাৰ্থী ।

manipur-first-phase-assembly-polls-begins-today
আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : সোমবাৰে অনুষ্ঠিত হ’ব মণিপুৰ বিধানসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (Manipur election 2022 phase 1) ৷ পশ্চিম ইম্ফল, পূৱ ইম্ফল, বিষ্ণুপুৰ, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷

পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব এই ভোটগ্ৰহণ । ক’ভিড পজিটিভ তথা কোৱাৰেইণ্টাইত থকা ভোটাৰসকলে বিয়লি 3 বজাৰ পৰা 4 বজাৰ ভিতৰত ভোটদান কৰিব পাৰিব ৷

ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ৩৮ খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৫ খন আসনত, জে ডি(ইউ)য়ে ২৮ খনত, এন পি পিয়ে ২৭ খনত, শিৱসেনাই সাতখনত, আৰ পি আই আৰু এন চি পিয়ে ছয়খনকৈ আসনত আৰু এল জে পি ৰাম বিলাসে তিনিখনকৈ আসনত, কুকি নেচনেল এচেম্বলী আৰু কুকি পিপলছ এলায়েন্সে দুখনকৈ আসন আৰু ১৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

মণিপুৰত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৩৮ খন আসনৰ ভিতৰত ২৯ খন পূৱ ইম্ফল, পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰৰ উপত্যকা জিলাত আছে ৷

আনহাতে চুৰাচান্দপুৰ, কাংপোকপি আৰু ফেৰজল জিলাত আছে ৯ খন আসন । ৰাজ্যখনত মুঠ 12,09,439 জন ভোটাৰে 1,721 টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব । ৩৮১ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা ভোটগ্ৰহণ কৰ্মীয়ে পৰিচালনা কৰিব ৷ আনহাতে চাইকোটৰ এটা ভোটকেন্দ্ৰ সম্পূৰ্ণভাৱে বিশেষভাৱে সক্ষম ভোটগ্ৰহণ কৰ্মীয়ে পৰিচালনা কৰিব ।

লগতে পঢ়ক : আগৰতলা হিংসা ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব: বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.