ETV Bharat / bharat

Manipur violence : মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সামাজিক সংগঠন-ধৰ্মীয় নেতাৰ ওচৰলৈ যাব মুখ্যমন্ত্ৰী

author img

By

Published : Jun 26, 2023, 2:13 PM IST

বীৰেণ সিঙে কয় যে তেওঁ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক অৱগত কৰায় । লগতে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰিবলগা পথৰ সন্ধানৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে ।

Manipur violence
Manipur violence

নিউজ ডেস্ক, 26 জুন : মণিপুৰত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ দুমাহ উকলিবৰ হ'ল । সম্প্ৰতি ৰাজ্যখনত নতুনকৈ হিংসাত্মক ঘটনাৰ কোনো খবৰ অহা নাই যদিও এতিয়াও যেন উমি উমি জ্বলি আছে হিংসাৰ দাবানল । লগতে চেপা উত্তেজনাই বিৰাজ কৰি আছে উত্তৰ-পূবৰ ৰাজ্যখনত । তাৰে মাজতে মণিপুৰ সংকটৰ সমাধান সূত্ৰ বিচাৰি শনিবাৰে সৰ্বদলীয় বৈঠকত মিলিত হয় গৃহ মন্ত্ৰী অমিত শ্বাহ । তাৰ পিছত দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হয় অমিত শ্বাহ । আনহাতে, অমিত শ্বাহৰ সৈতে বৈঠকৰ পিছত দেওবাৰে দিল্লীৰ পৰা ইম্ফলত উপস্থিত হয় বীৰেণ সিং ।

দিল্লীৰ পৰা উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি গৃহ মন্ত্ৰীৰে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰায় । আনহাতে, সংঘৰ্ষজৰ্জৰ জিলাখনত শান্তি স্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক, সংগঠন আৰু ধৰ্মীয় নেতা আদিৰ পৰা সমৰ্থন বিচাৰিব বুলি কয় । লগতে তেওঁ ৰাজ্যখনৰ বৰ্তমানৰ অস্থিৰতা দূৰ কৰিবলৈ সোনকালেই তেওঁলোকৰ সৈতে বৈঠক আৰম্ভ কৰিব বুলিও জনায় ।

বীৰেণ সিঙে লগতে কয় যে তেওঁ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক অৱগত কৰায় আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰিবলগা পথৰ সন্ধানৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰে । তেওঁ গৃহ মন্ত্ৰীক জনায় যে প্ৰান্তীয় অঞ্চলত কিছুমান বিক্ষিপ্ত গুলীয়াগুলীৰ ঘটনাৰ বাহিৰে শোহতীয়াভাৱে হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই । আনহাতে, অমিত শ্বাহে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হোৱাৰ বাবে তেওঁক প্ৰশংসা কৰা বুলিও কয় ।

বীৰেণ সিঙে লগতে কয় যে গৃহ মন্ত্ৰী অমিত শ্বাহে বিগত কিছু দিনত প্ৰত্যক্ষ কৰি থকা ৰাজ্যখনৰ শান্তি-শৃংখলাৰ অৱনতিৰ দৰে পৰিস্থিতিৰ বাবে তেওঁৰ উদ্বেগ প্ৰকাশ কৰে । "আলোচনাত অমিত শ্বাহে কয় যে দূৰৱৰ্তী অঞ্চলসমূহত পৰিস্থিতি উন্নত কৰা হৈছে । কিন্তু তেওঁ শেহতীয়াকৈ উপত্যকাটোত পৰিৱৰ্তিত বিশৃংখল পৰিস্থিতি যেনে মন্ত্ৰী, সাংসদ, নিৰাপত্তাকৰ্মীসকলক কৰ্তব্য পালনত বাধা দিয়া আদিৰ বাবে ক্ষুব্ধ ।" বীৰেণ সিঙে কয় ।

ইয়াৰ উপৰি তেওঁ কয় যে গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁক অতি সোনকালে শান্তি পুনৰ স্থাপনত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়ে । অমিত শ্বাহে তেওঁক সতৰ্ক হৈ থাকিবলৈ আৰু যিকোনো অবাঞ্ছিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ দিয়ে বুলিও জনায় মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Manipur Violence : গৃহ মন্ত্ৰীক সাক্ষাৎ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.