ETV Bharat / bharat

Mamata Banerjee slams BJP : 'আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে লোকসভা নিৰ্বাচন'-মমতা বেনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:37 PM IST

পুনৰ বিজেপিক তীব্ৰ সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । বিজেপিয়ে ২০২৩ ডিচেম্বৰতে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে । গেৰুৱা দলটো পুনৰ শাসনলৈ আহিলে দেশখন ঘৃণাৰে ভৰিব ।

Mamata Banerjee slams BJP
আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে লোকসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক,২৮ আগষ্ট : তৃণমূল ছত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মায়ো ৰোডত এখন ৰাজহুৱা সভাত ভাষণ দি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আশংকা কৰে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন আগতীয়া হ'ব । পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ডিচেম্বৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'লেও তেওঁ আচৰিত নহয় ।

পুনৰ এবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে কেন্দ্ৰত গেৰুৱা শাসন সমাপ্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । তেওঁ দাবী কৰে যে যদি বিজেপি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ উভতি আহে, তেন্তে ৰাষ্ট্ৰখনে এক স্বৈৰাচাৰী শাসনৰ সন্মুখীন হ'ব । তেওঁ আশংকা কৰা মতে বিজেপিয়ে ২০২৩ চনৰ ডিচেম্বৰতে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ।

মমতা বেনাৰ্জীৰ মতে বিজেপি দলে ইতিমধ্যে দেশখনক সম্প্ৰদায়সমূহৰ মাজত বিদ্বেষৰ কবলত থকা ৰাষ্ট্ৰলৈ পৰিণত কৰিছে । যদি বিজেপি ক্ষমতালৈ ঘূৰি আহ দেশক হিংসাৰ দেশ কৰি তুলিব বুলি তেওঁ অভিযোগ কৰে ।

গেৰুৱা ব্ৰিগেডে কেনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিব পাৰে সেই সন্দৰ্ভত তেওঁ কয় যে বিজেপিয়ে ইতিমধ্যে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ সকলো হেলিকপ্টাৰ বুক কৰিছে যাতে আন কোনো ৰাজনৈতিক দলে সেইবোৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে । টিএমচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে গেৰুৱা দলটোক দোষাৰোপ কৰি তেওঁ কয় যে টিএমচিৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু ভতিজাক অভিষেক বেনাৰ্জীক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় সংস্থাসমূহে গ্ৰেপ্তাৰ কৰিব বুলিও তেওঁ আশংকা কৰে ।

মমতা বেনাৰ্জীয়ে বিৰোধী বাওঁমৰ্চাকো আক্ৰমণ কৰে । তেওঁ উল্লেখ কৰা মতে তৃণমূল কংগ্ৰেছে বংগত তিনি দশক ধৰি চলি থকা চিপিআই(এম) শাসনক পৰাস্ত কৰিছিল আৰু এতিয়া লোকসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব । বিজেপিৰ যুৱ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) আৰু শেহতীয়াকৈ যাদৱপুৰ বিশ্ববিদ্যালয়ত 'গোলী মাৰো' শ্ল'গান দিয়া দলীয় কৰ্মীসকলক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয় যে তেওঁ আৰক্ষীক প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত ঘৃণামূলক শ্ল'গানত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে । তেওঁ কয় যে যিসকলে এনে শ্ল'গান দিছে তেওঁলোকে পাহৰিব নালাগে যে এয়া হৈছে বংগ; এয়া উত্তৰ প্ৰদেশ নহয় ।

লগতে পঢ়ক :West Bengal Cracker factory fire : দত্তপুকুৰ আতচবাজী কাৰখানাত বিস্ফোৰণত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.