ETV Bharat / bharat

বিজেপি প্ৰাৰ্থীক ৫৮,৩৮৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি মমতাই মাৰিলে বিজয়ৰ হাঁহি - সোভান্দেব চট্টোপাধ্যায়

পশ্চিমবংগৰ উপ-নিৰ্বাচনত নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ প্ৰিয়ংকা টিব্ৰুৱালৰ বিৰুদ্ধে ৫৮,৩৮৯ টা ভোটৰ ব্যৱধানত ভবানীপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে মমতা বেনাৰ্জীয়ে ৷

mamata banerjee takes lead by 39,656 votes in bhabanipur
ভবানীপুৰত মমতাৰ বিজয়
author img

By

Published : Oct 3, 2021, 4:54 PM IST

Updated : Oct 3, 2021, 5:19 PM IST

নেশ্বনেল ডেস্ক, 3 অক্টোবৰ : মমতা বেনাৰ্জীয়ে ভবানীপুৰৰ পৰা তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বিজেপিৰ প্ৰিয়ংকা টিব্ৰুৱালৰ বিৰুদ্ধে ৫৮,৩৮৯ টা ভোটৰ ব্যৱধানত ভবানীপুৰ উপনিৰ্বাচনত জয়লাভ কৰিছে । আসনখনৰ বাবে মুঠ ২১ ৰাউণ্ড গণনা কৰা হৈছিল ভোট । দক্ষিণ কলকাতাৰ ভাবানীপুৰৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হোৱা মন্ত্ৰী শোভনদেৱ চট্টোপাধ্যায়ে মে' মাহত ফলাফল ঘোষণা হোৱাৰ অলপ দিন পিছতে বিধায়ক পদ এৰি দিয়ে ৷ যাৰ ফলত বেনাৰ্জীয়ে ইয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত হয় ।

পৰৱৰ্তী সময়ত মুৰ্শিদাবাদ জিলাৰ জংগীপুৰ আৰু চামছেৰগঞ্জত এজনকৈ প্ৰাৰ্থীৰ মৃত্যুৰ পিছত উপ-নিৰ্বাচন ঘোষণা কৰা হৈছিল । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিৰ্বাচনত অৱতীৰ্ণ হোৱা ভবানীপুৰ বিধানসভা সমষ্টিত য'ৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে ৩০ ছেপ্টেম্বৰত ভোটদানৰ সময়ত ৫৭.০৯ শতাংশ ভোটদান হৈছিল ৷ আনহাতে চামচেৰগঞ্জত ৭৯.৯২ শতাংশ ভোটদান হৈছিল আৰু জংগীপুৰত ৭৭.৬৩ শতাংশ ভোটদান হৈছিল ।

মমতা বেনাৰ্জীয়ে এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপিৰ সুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল । ভাবনীপুৰ বিধানসভা আসনখন কৃষি মন্ত্ৰী শোভনদেৱ চট্টোপাধ্যায়ে মে’ মাহত খালী কৰিছিল, যাৰ ফলত মমতা বেনাৰ্জীয়ে উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পথ প্ৰশস্ত হৈছিল । ফলাফল ঘোষণাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মমতাই দাবী কৰে যে তেওঁ সমষ্টিটোৰ প্ৰতিটো ৱাৰ্ডত জয়ী হৈছিল ।

"ভবানীপুৰত প্ৰায় ৪৬ শতাংশ লোক অনা-বাঙালী হোৱাৰ পিছতো তেওঁলোক মমতাক বেনাৰ্জীক ভোট দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মমতাই প্ৰতিদ্বন্দী বিজেপিকো লক্ষ্য কৰি কয় যে, দলটোৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কলকাতাত তৃণমূল চৰকাৰক নমাই আনিবলৈ "ষড়যন্ত্ৰ" কৰিছে । ছয় মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক কৃতজ্ঞতা জ্ঞাপন কৰে মমতা বেনাৰ্জীয়ে ।

লগতে পঢ়ক : উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমটো পেট-এম আৰ আই শাখা

Last Updated : Oct 3, 2021, 5:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.