ETV Bharat / bharat

Mamata Banerjee on PM: দুৰ্নীতিৰে পোত খাই আছে দেশৰ প্ৰধানমন্ত্ৰী; মমতা বেনাৰ্জী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ প্ৰধানমন্ত্ৰী মোদী দুৰ্নীতিৰে আৱৰি থকাৰ অভিযোগ ৷ মমতাই কয় যে মানুহক সকলো সময়তে মূৰ্খ সজাব নোৱাৰি ৷

author img

By

Published : Aug 12, 2023, 3:52 PM IST

Mamata Banerjee on PM
Mamata Banerjee on PM

নেশ্যনেল ডেস্ক, 12 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ পঞ্চায়তি ৰাজ অনুষ্ঠানত ভাষণ দি বংগৰ ওপৰত তীব্ৰ আক্ৰমণ কৰাৰ পিচত, তৃণমূলৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে এটা অডিঅ' বাৰ্তাৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

মমতা বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দুৰ্নীতিৰ কথা কৈছে, কিন্তু তেওঁ নিজৰ দলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অক্ষম । ‘‘তেওঁ মণিপুৰৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে,’’ মমতাই কয় । প্ৰধানমন্ত্ৰীৰ ভাষণৰ সঁহাৰি দি মমতা বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে I.N.D.I.Aৰ মিত্ৰতাক ভয় কৰে ৷ গতিকে তেওঁ কোনো প্ৰমাণ অবিহনে মন্তব্য কৰি আছে ।’’

‘‘তেওঁ (প্ৰধানমন্ত্ৰী) দৰিদ্ৰ লোকৰ মৃত্যু বিচাৰে ৷ সাধাৰণ মানুহে কষ্ট পাইছে কিন্তু আপুনি বিচাৰে যে কেৱল বিজেপিয়েহে শাসন কৰক,’’ মমতাই কয় ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আদৰ্শৰ সৈতে জনসাধাৰণৰ কাষ চাপিব নোৱাৰে আৰু তেওঁলোকৰ নিয়ম হৈছে আনক বেয়া কৰা ।’’

মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয় যে অন্ততঃ ‘‘দুৰ্নীতি’’ শব্দটো তেওঁ উচ্চাৰণ কৰিব নালাগে কাৰণ তেওঁ দুৰ্নীতিৰে আৱৰি আছে ৷ ‘‘পিএম কেয়াৰ ফাণ্ড, ৰাফায়েল চুক্তি, প্ৰতিৰক্ষা কাৰখানা বিক্ৰী আদি বিভিন্ন বিষয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । আনকি ব্যক্তিগত খণ্ডৰ বিক্ৰীৰ পৰা বিমুদ্ৰাকৰণলৈকে, একো সন্দেহৰ বাহিৰত নহয়,’’ তেওঁ কয় ।

মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ 2,000 টকাৰ নোট বাতিল কৰাৰ সিদ্ধান্ত বিজেপি দলৰ স্বাৰ্থত লোৱা হৈছিল, দেশৰ স্বাৰ্থত নহয় । ‘‘মানুহবোৰ মূৰ্খ বুলি নাভাবিব । আপুনি কিছু সময় মানুহক আভুৱা ভাৰিব পাৰে, কিন্তু আপুনি সকলো সময়তে মানুহক আভুৱা ভাৰিব নোৱাৰে,’’ মমতাই আক্ৰমণ কৰি কয় ৷

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে প্ৰধানমন্ত্ৰীৰ বাবে এটা উপদেশ প্ৰদান কৰে ৷ ‘‘যদি আপুনি সঁচাকৈয়ে কিবা সলনি কৰিব বিচাৰে, ইয়াক আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰক । আপোনাৰ নিজৰ মুখলৈ চাওক, আপুনি দুৰ্নীতিগ্ৰস্ত । আপুনি আপোনাৰ নিজৰ লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নোৱাৰে, যিসকল দুৰ্নীতিগ্ৰস্ত, আনক শোষণ কৰি আছে, যি হিংসাত জড়িত, যি মহিলাৰ ওপৰত অত্যাচাৰ কৰি আছে । মণিপুৰত হিংসাত্মক ঘটনাত জড়িত সকলৰ বিৰুদ্ধে আপুনি কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই,’’ মমতা বেনাৰ্জীয়ে কয় ৷ মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীক সোঁৱৰাই দিয়ে যে যেতিয়া তেওঁ বংগৰ হিংসাৰ কথা কয়, তেতিয়া তেওঁ জনা দৰকাৰ যে তেওঁৰ দলৰ লোকসকলহে সেই হিংসাৰ সৈতে জড়িত । ‘‘তেওঁলোকে যোৱা পঞ্চায়ত নিৰ্বাচনত বংগত 16-17 জনৰো অধিক লোকক হত্যা কৰিছিল,’’ তেওঁ কয় ৷

লগতে পঢ়ক: PM Modi on Manipur Issue : মণিপুৰৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে বিৰোধীয়ে; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.