নেচনেল ডেস্ক, 17 জানুৱাৰী : নিজৰ দুই নাবালক সন্তানক নিৰ্মমভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ ইগাতপুৰি জিলাৰ এগৰাকী 39 বৰ্ষীয় ৰে'লৱে আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ দেওবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই শিশু বৰ্তমান নাচিক জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
আৰক্ষীৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে কিছু বছৰ পূৰ্বে পত্নীৰ মৃত্যু হোৱাৰ পাছত অন্য এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে অভিযুক্ত ৰে'লৱে আৰক্ষী গৰাকীয়ে প্ৰথম পত্নীৰ ফালৰ 8 বছৰীয়া পুত্ৰ আৰু 5 বছৰীয়া কন্যা সন্তানটিক মাৰপিট কৰে ৷
মাতৃৰ মৃত্যুৰ পাছতে মাতৃৰ ফালৰ আইতাকৰ ঘৰতে থকা শিশু দুটি কিছুদিনৰ পূৰ্বে দেউতাকৰ সৈতে থাকিবলৈ নাচিকলৈ গৈছিল ৷ শিশু দুটিৰ মাকৰ ফালৰ সম্পৰ্কীয় লোকে ৰুজু কৰা এক গোচৰ অনুসৰি অভিযুক্ত লোকজনে প্ৰায়ে নিজ সন্তান দুটিক মাৰপিট কৰাৰ লগতে কোনো কোনো সময়ত চামৰাৰ বেল্টেৰেও মাৰপিট কৰে ৷ অভিযুক্ত পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁৰ দ্বিতীয়া পত্নীৰ সন্তানক সৈতে কাজিয়া কৰাৰ বাবে তেওঁ প্ৰথমা পত্নীৰ সন্তান কেইটিক মাৰপিট কৰিছিল ৷
জানিব পৰা মতে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 326 আৰু 323 ৰ আধাৰত আৰু জুভেনাইল আইন,2015 ৰ 75 ধাৰাৰ আধাৰত অভিযুক্ত পিতৃৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷
লগতে পঢ়ক:পত্নীৰ কোবত প্ৰাণ গ’ল আৰক্ষী স্বামীৰ